চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ দিনৰ বিশেষ ছুটী

0 110

বঙাইগাঁও কেবিনেটত আন এক বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে এই ছুটী লাভ কৰিব ৪ দিন। পিতৃ-মাতৃৰ কাষত থাকিবলৈ এই বিশেষ ছুটী ঘোষণা। পিতৃ-মাতৃহীন চৰকাৰী কৰ্মচাৰীয়ে এই ছুটীৰ পৰা বঞ্চিত হ’ব। শাহু-শহুৰ জীয়াই থাকিলেও এই ছুটী লাভ কৰিব। মন্ত্ৰীসকলেও এনে ছুটী ল’ব পাৰিব। অৱশ্যে আৰক্ষীয়ে এনে ছুটী নাপাব।

Leave A Reply

Your email address will not be published.