মাংস বিতৰ্কক লৈ উত্তাল ভাৰতীয় ক্ৰিকেট; কাণপুৰ টেষ্টৰ পূৰ্বে অস্বস্তিত BCCI

বৃহস্পতিবাৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে কাণপুৰত প্ৰথমখন টেষ্ট খেলিব টীম ইণ্ডিয়াই। দুখনীয়া টেষ্ট শৃংখলাৰ বাবে সাজু হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দল। আজিংক্য ৰাহাণেৰ নেতৃত্বত দ্বিতীয়টো শৃংখলাত ভাগ ল’ব টীম ইণ্ডিয়াই। ৰাহুল দ্ৰাৱিড়ৰ প্ৰশিক্ষণত প্ৰথমটো শৃংখলা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ। দ্ৰাৱিড়-ৰাহাণেৰ যুটিৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিব ভাৰতীয় ক্ৰিকেট দলৰ। এই টেষ্টলৈ পূৰ্ণ গতিত প্ৰস্তুতি চলি থকাৰ মাজতে অহেতুক বিতৰ্কত ভাৰতীয় ক্ৰিকেট।

কাণপুৰ টেষ্টত ভাৰতীয় দলৰ খাদ্য তালিকাত কি থাকিব ইয়াকে লৈ সংবাদ মাধ্যমত চৰ্চা হৈছিল এখন খাদ্য তালিকাৰ। খাদ্য তালিকাত থকা মাংসক লৈ এই চৰ্চা প্ৰকাশ পোৱা খাদ্য তালিকা খনৰ মতে ক্ৰিকেটাৰৰ বাবে নিষিদ্ধ গৰু আৰু গাহৰিৰ মাংস, কেৱল খাব পাৰিব হালাল কৰা মাংসহে এই বাতৰি প্ৰকাশ হোৱাৰ পিচতে চাঞ্চল্য ক্ৰিকেটৰ লগতে ৰাজনৈতিক মহলতো। কিয়নো, ক্ৰিকেটাৰে কি খাব বা নাখাব ইয়াক লৈ কেতিয়াও পূৰ্বতে নাছিল কোনো বাধা।

কেৱল হালাল কৰা মাংস খোৱাকলৈ বি চি চি আইৰ বিৰুদ্ধে সোচ্চাৰ হল বিজেপিৰ মুখপাত্ৰও। বিজেপিৰ মুখপাত্ৰ গৌৰৱ গোৱেলে টুইটাৰযোগে BCCIক দাবী জনাই ক’লে- শীঘ্ৰে প্ৰত্যাহাৰ কৰক অবৈধ সিদ্ধান্ত। খাদ্য তালিকাখন প্ৰকাশ হোৱাৰ পাচতে ছ’চিয়েল মিডিয়াতো আৰম্ভ #BCCI_Promotes_Halal শীৰ্ষক এক অভিযান।

এই বিতৰ্ক আৰু দাবীৰ পিচতে স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। বি চি চি আয়ে প্ৰকাশিত বাতৰিক কৰিলে অস্বীকাৰ। কোন ক্ৰিকেটাৰে কি খাব, ইয়াৰ বাবে দিয়া নাই কোনো নিৰ্দেশনা। ক্ৰিকেটাৰে কি খাব সেয়া ব্যক্তিগত স্বাধীনতা, ক্ৰিকেটাৰৰ ব্যক্তিগত স্বাধীনতাক কেতিয়াও হস্তক্ষেপ নকৰে বি চি চি আয়ে। সংবাদ মাধ্যমক এনেদৰে জনালে বৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমালে। কিন্তু বহুতৰ প্ৰশ্ন বি চি চি আয়ে নিদিয়াকৈ কেনেকৈ প্ৰকাশ পালে এই নিৰ্দেশনা। এই ক্ষেত্ৰত দাবী কৰিলে উচিত তদন্তৰ। গুৰুত্বপূৰ্ণ টেষ্ট শংখলাৰ পূৰ্বে এই ধৰণৰ অহেতুক বিতৰ্ক দলৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলিও উল্লেখ কৰিছে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।কনভয়ত ৫০% বাহন হ্ৰাস...

পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য

উন্নত পৰ্যবেক্ষণৰ বাবে অৱশ্যে এতিয়াও অজিত কুমাৰ ভূঞাক ৰখা...

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...