মাংস বিতৰ্কক লৈ উত্তাল ভাৰতীয় ক্ৰিকেট; কাণপুৰ টেষ্টৰ পূৰ্বে অস্বস্তিত BCCI

বৃহস্পতিবাৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে কাণপুৰত প্ৰথমখন টেষ্ট খেলিব টীম ইণ্ডিয়াই। দুখনীয়া টেষ্ট শৃংখলাৰ বাবে সাজু হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দল। আজিংক্য ৰাহাণেৰ নেতৃত্বত দ্বিতীয়টো শৃংখলাত ভাগ ল’ব টীম ইণ্ডিয়াই। ৰাহুল দ্ৰাৱিড়ৰ প্ৰশিক্ষণত প্ৰথমটো শৃংখলা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ। দ্ৰাৱিড়-ৰাহাণেৰ যুটিৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিব ভাৰতীয় ক্ৰিকেট দলৰ। এই টেষ্টলৈ পূৰ্ণ গতিত প্ৰস্তুতি চলি থকাৰ মাজতে অহেতুক বিতৰ্কত ভাৰতীয় ক্ৰিকেট।

কাণপুৰ টেষ্টত ভাৰতীয় দলৰ খাদ্য তালিকাত কি থাকিব ইয়াকে লৈ সংবাদ মাধ্যমত চৰ্চা হৈছিল এখন খাদ্য তালিকাৰ। খাদ্য তালিকাত থকা মাংসক লৈ এই চৰ্চা প্ৰকাশ পোৱা খাদ্য তালিকা খনৰ মতে ক্ৰিকেটাৰৰ বাবে নিষিদ্ধ গৰু আৰু গাহৰিৰ মাংস, কেৱল খাব পাৰিব হালাল কৰা মাংসহে এই বাতৰি প্ৰকাশ হোৱাৰ পিচতে চাঞ্চল্য ক্ৰিকেটৰ লগতে ৰাজনৈতিক মহলতো। কিয়নো, ক্ৰিকেটাৰে কি খাব বা নাখাব ইয়াক লৈ কেতিয়াও পূৰ্বতে নাছিল কোনো বাধা।

কেৱল হালাল কৰা মাংস খোৱাকলৈ বি চি চি আইৰ বিৰুদ্ধে সোচ্চাৰ হল বিজেপিৰ মুখপাত্ৰও। বিজেপিৰ মুখপাত্ৰ গৌৰৱ গোৱেলে টুইটাৰযোগে BCCIক দাবী জনাই ক’লে- শীঘ্ৰে প্ৰত্যাহাৰ কৰক অবৈধ সিদ্ধান্ত। খাদ্য তালিকাখন প্ৰকাশ হোৱাৰ পাচতে ছ’চিয়েল মিডিয়াতো আৰম্ভ #BCCI_Promotes_Halal শীৰ্ষক এক অভিযান।

এই বিতৰ্ক আৰু দাবীৰ পিচতে স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। বি চি চি আয়ে প্ৰকাশিত বাতৰিক কৰিলে অস্বীকাৰ। কোন ক্ৰিকেটাৰে কি খাব, ইয়াৰ বাবে দিয়া নাই কোনো নিৰ্দেশনা। ক্ৰিকেটাৰে কি খাব সেয়া ব্যক্তিগত স্বাধীনতা, ক্ৰিকেটাৰৰ ব্যক্তিগত স্বাধীনতাক কেতিয়াও হস্তক্ষেপ নকৰে বি চি চি আয়ে। সংবাদ মাধ্যমক এনেদৰে জনালে বৰ্ডৰ কোষাধ্যক্ষ অৰুণ ধুমালে। কিন্তু বহুতৰ প্ৰশ্ন বি চি চি আয়ে নিদিয়াকৈ কেনেকৈ প্ৰকাশ পালে এই নিৰ্দেশনা। এই ক্ষেত্ৰত দাবী কৰিলে উচিত তদন্তৰ। গুৰুত্বপূৰ্ণ টেষ্ট শংখলাৰ পূৰ্বে এই ধৰণৰ অহেতুক বিতৰ্ক দলৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলিও উল্লেখ কৰিছে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...