এনিশা, বৰষালৈ ড০ দিব্যজ্যোতি শইকীয়াৰ সহায়ৰ হাত

লখিমপুৰ জিলাৰ ফুলবাৰীৰ শান্তিপুৰৰ দুগৰাকী পিতৃ-মাতৃহীন নিঠৰুৱা কণমানিৰ বিষয়ে NKTVত ধাৰাবাহিক বাতৰি আৰু বিশেষ অনুষ্ঠান প্ৰচাৰ হোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমূখ্য কৰি বহুলোকে দুয়োগৰাকী কণমানিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ সমান্তৰালভাৱে সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কণমানি দুগৰাকীৰ কাষত আজি উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায়। ড০ দিব্যজ্যোতি শইকীয়াই কণমানি দুগৰাকীক চুৱেটাৰকে আদি কৰি গৰম সাজপাৰ, বহী, কলম, পেন্সিলৰ লগতে কিছু পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে, দুটা দশক জুৰি মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শতাধিক বঁটাৰে সন্মানিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...