এনিশা, বৰষালৈ ড০ দিব্যজ্যোতি শইকীয়াৰ সহায়ৰ হাত

লখিমপুৰ জিলাৰ ফুলবাৰীৰ শান্তিপুৰৰ দুগৰাকী পিতৃ-মাতৃহীন নিঠৰুৱা কণমানিৰ বিষয়ে NKTVত ধাৰাবাহিক বাতৰি আৰু বিশেষ অনুষ্ঠান প্ৰচাৰ হোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমূখ্য কৰি বহুলোকে দুয়োগৰাকী কণমানিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ সমান্তৰালভাৱে সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কণমানি দুগৰাকীৰ কাষত আজি উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায়। ড০ দিব্যজ্যোতি শইকীয়াই কণমানি দুগৰাকীক চুৱেটাৰকে আদি কৰি গৰম সাজপাৰ, বহী, কলম, পেন্সিলৰ লগতে কিছু পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে, দুটা দশক জুৰি মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শতাধিক বঁটাৰে সন্মানিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...