উপায়ুক্তই কিয় তলা ওলমালে মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ত?

দীৰ্ঘদিন ধৰি কাৰ্যালয়ত অনুপস্থিত বন বিষয়া। বিভিন্ন দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছিল বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে। কোকৰাঝাৰৰ হল্টুগাঁৱত থকা মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়টোত মঙলবাৰে তলাবন্ধ কৰে উপায়ুক্তই। কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই মঙলবাৰে পুৱাৰ ভাগত কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ সময়ত কাৰ্যালয়টোত অনুপস্থিত আছিল বনাঞ্চলিক বিষয়া সুহাস কদম। দীৰ্ঘদিন ধৰি বনাঞ্চলিক বিষয়াজনে কাৰ্যালয়ত উপস্থিত হোৱা নাছিল।

বিভিন্ন দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছিল বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে। সন্ধিয়া ৫ বজাত উপায়ুক্ত বৰ্ণালী ডেকাই পুনৰ কাৰ্যালয়টোত উপস্থিত হৈ তলাবন্ধ কৰে। এনেদৰে একাংশ বিষয়াই দায়িত্ব পালন নকৰি বিভিন্ন অজুহাত দেখুৱাই উপস্থিত নাথাকে কাৰ্যালয়ত। দুৰ্নীতিগ্ৰস্ত কামত ফাকি দিয়া বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে কোকৰাঝাৰৰ উপায়ুক্ত তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...