ছাত্ৰীলৈ স্মাৰ্টফোন, বছৰি ৩টা চিলিণ্ডাৰ পাব বিনামূল্যে, চাকৰিত মহিলাৰ বাবে ৪০% সংৰক্ষণ

মহিলাৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৪০ শতাংশ আসন সংৰক্ষণ কৰা হ’ব। নতুন চৰকাৰী পদত সংৰক্ষণৰ ব্যৱস্থা অনুসৰি ৪০% পদত মহিলাসকলক নিযুক্তি দিয়া হ’ব। বিধানসভা নিৰ্বাচনত মহিলাৰ বাবে ৪০ শতাংশ টিকট সংৰক্ষণ কৰা হব। যথাসম্ভৱ মহিলাৰ আসন ৫০ শতাংশলৈ কৰাৰ ব্যৱস্থা কৰিব প্ৰিয়ংকা গান্ধীয়ে। আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছে। আজি মহিলাৰ বাবে শক্তিবিধান প্ৰকাশ কৰি কেইবাটাও আকৰ্ষণীয় ঘোষণা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। সেই অনুসৰি প্ৰতি বছৰে ৩ টা এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। দৰিদ্ৰ পৰিয়ালে ৩ বাৰ বিনামূলীয়াকৈ ৰন্ধন গেছ চিলিণ্ডাৰ ভৰাব পাৰিব।

তাৰোপৰি ৰাজ্যখনৰ চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব চৰকাৰে। ছাত্ৰীসকলক স্মাৰ্টফোন আৰু স্কুটি দিব কংগ্ৰেছ চৰকাৰে। ইয়াৰ লগতে আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ বাবেও বিশেষ ঘোষণা কংগ্ৰেছৰ। যদিহে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেন্তে প্ৰতি মাহে ১০ হাজাৰ টকাৰ বিশেষ ভাট্টা লাভ কৰিব। ইয়াৰ লগতে বিধানসভা নিৰ্বাচনত মহিলাৰ বাবে ৪০ শতাংশ টিকটৰ কথা পুনৰ দোহাৰে প্ৰিয়ংকা গান্ধীয়ে।

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশত প্ৰায় ১৪.৪০ কোটি ভোটাৰ আছে। ইয়াৰে ৭.৭৯ কোটি পুৰুষ আৰু ৬.৬১ কোটি মহিলা ভোটাৰ। প্ৰায় ৪৫ শতাংশ মহিলা ভোটাৰক লক্ষ্য কংগ্ৰেছৰ। কংগ্ৰেছে ২০২২ চনৰ নিৰ্বাচনী যুঁজত কৃষক আৰু মহিলাসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰত মোদী চৰকাৰৰ উজ্জ্বলা যোজনা, শৌচালয় নিৰ্মাণ, পকী ঘৰ, বিনামূলীয়া ৰেচন, মহিলাসকলক বিত্তীয় সাহায্যৰ দৰে বহুতো আঁচনি আছে। যি মহিলাসকলক পোনপটীয়াকৈ লাভান্বিত কৰে। মুদ্ৰা যোজনাৰ অধীনত অনুসূচিত সমাজৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ কাম অব্যাহত আছে। পশ্চিম বংগতো, মহিলা ভোট বেংকৰ বাবেই মমতা চৰকাৰৰ বিজয় সহজ হৈছিল বুলি কোৱা হয়। সেয়েহে এইসকল মহিলাক আকৰ্ষণৰ চেষ্টা কৰিছে কংগ্ৰেছ দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...