বিজ্ঞাপনৰ নামত ৩টা বছৰত কিমান টকা খৰচ কৰিলে মোদী চৰকাৰে?

মঙলবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে কেন্দ্ৰই ২০১৮ ৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত দিয়া বিজ্ঞাপনৰ নামত ব্যয় কৰিছে ১৭০০ কোটি টকা। অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ সাংসদ বদৰুদ্দিন আজমলৰ এক প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় এই কথা।

ঠাকুৰে এক লিখিত উত্তৰত কয় – “চৰকাৰে দিয়া বিজ্ঞাপনবোৰৰ মূল উদ্দেশ্য হৈছে চৰকাৰী নীতি আৰু আঁচনিৰ বিষয়ে ইয়াৰ লক্ষ্য হিতাধিকাৰীসকলক সংবেদনশীল কৰা। মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি বাতৰি কাকতক দিয়া বিজ্ঞাপনৰ বাবে মুঠ ৮২৬.৫ কোটি টকা খৰচ কৰিছে চৰকাৰে।

মন্ত্ৰালয়ে কয় যে ২০২০-২১ বৰ্ষৰ ভিতৰত ৬,৮৫খন বিভিন্ন বাতৰি কাকতত দিয়া হৈছিল ১১৮.৫৯ কোটি টকাৰ বিজ্ঞাপন। ২০১৯-২০২০ বৰ্ষৰ ভিতৰত ৫৩৬৫খন বাতৰি কাকতত ২০০ কোটি টকাৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছিল আৰু ২০১৮-১৯ বৰ্ষৰ ভিতৰত ৬১১৯খন বাতৰি কাকতত দিয়া হৈছিল ৫০৭.৯ কোটি টকাৰ বিজ্ঞাপন।

আনহাতে, যোৱা তিনি বছৰত বিজ্ঞাপনৰ বাবে ১৯৩.৫২ কোটি টকা দিয়া হৈছে ইলেক্ট্ৰনিক মাধ্যমক। ইয়াৰ পূৰ্বেও, অনুৰাগ ঠাকুৰে সংসদত কৈছিল যে নিবিদা বা চাকৰি নিযুক্তি থকা অ-যোগাযোগ বিজ্ঞাপনৰ ব্যয় হ্ৰাস কৰিছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...