ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু, আহত ২৬জন

শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে। ইয়াৰ লগতে গুৰুতৰভাবে আহত হৈছে আন ২৬জন লোক। ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ চিলিত পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন ২৬জন গুৰুতৰভাৱে আহত হয়।

চিলাপথাৰৰ চিলি ফ্ৰণ্টিয়াৰ হাইস্কুলৰ সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। সীমান্ত পথ সংস্থাৰ শ্ৰমিক কঢ়িয়াই নিয়া WB 65 C 2654 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে। আহতসকলৰ অৱস্থা অতি সংকটজনক। উল্লেখ্য যে, পশ্চিমবংগৰ পৰা ৰে’লেৰে আহি এই শ্ৰমিকসকল জোনাইত উপস্থিত হৈছিল। আজি ট্ৰাকেৰে জোনাইৰ পৰা চিলাপথাৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয়। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...