বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে
বংগোপসাগৰৰ বক্ষত নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী ‘REMAL’
১০০–১১০ কিঃমিঃ বেগত ঘূৰ্ণীয়ে সংহাৰ সৃষ্টি কৰিব দক্ষিণ বংগৰ ২ জিলাত
উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা জিলাত ৰেড এলাৰ্ট জাৰি

গৰমে দহিছে সমগ্ৰ উত্তৰ ভাৰত, উত্তৰ-পূব ভাৰত। সূৰ্যৰ তাপমান বৃদ্ধিৰ ফলত উত্তৰ ভাৰতত হিটষ্ট্ৰ’কত মৃত্যু হৈছে বহু লোকৰ। ইয়াৰ মাজতে আহিছে এতিয়া ধুমুহা-বৰষুণৰ আশংকা। পূব–মধ্য বংগোপসাগৰত সৃষ্টি হৈছে গভীৰ নিম্ন চাপ। সমুদ্ৰ বক্ষত এই নিম্ন চাপে বৰ্তমান পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ৪০০ কিলোমিটাৰ দক্ষিণত অৱস্থান কৰিছে। কিন্তু এই নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী আৰু এই ঘূৰ্ণী ক্ৰমাৎ আগুৱাই আহিছে পশ্চিমবংগৰ দক্ষিণ দিশে। ক্ৰমশঃ শক্তি বৃদ্ধি কৰি উত্তৰলৈ গতি কৰা অৱস্থাত দেওবাৰে নিশা দক্ষিণ বংগ এলেকাত এচাৰ খাই পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। সেই সময়ত উপকূল এলেকাত বলিব ১১০ৰ পৰা ১২০ কিঃমিঃ বেগত বলিব ধুমুহা-বৰষুণ।

দক্ষিণ বংগৰ সকলো জিলাত দেওবাৰ-সোমবাৰে হ’ব প্ৰচণ্ড বৃষ্টি
এই ঘূৰ্ণীৰ প্ৰভাৱত বাংলাদেশ, উত্তৰ-পূবতো হ’ব বৰষুণ

উৎকট গৰমত চৰম অস্বস্তিত ভোগা ৰাজ্যবাসীয়ে এতিয়া প্ৰতীক্ষা কৰিছে এজাক বৰষুণৰ। বিশেষকৈ বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পথাৰত। কাজিৰঙাৰ অভ্যন্তৰতো পানীৰ অভাৱত সংকটৰ সন্মুখীন হৈছে অৰণ্যৰ জীৱ-জন্তু। সেয়ে এতিয়া সকলোৰে প্ৰতীক্ষা এজাক বৰষুণৰ, লাগিলে সেয়া ধুমুহাৰ ৰূপতে নহওক কিয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...