বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে

বংগ, উত্তৰ-পূবত গ্ৰীষ্মৰ দহনৰ অন্ত পেলাব ঘূৰ্ণী বতাহে
বংগোপসাগৰৰ বক্ষত নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী ‘REMAL’
১০০–১১০ কিঃমিঃ বেগত ঘূৰ্ণীয়ে সংহাৰ সৃষ্টি কৰিব দক্ষিণ বংগৰ ২ জিলাত
উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা জিলাত ৰেড এলাৰ্ট জাৰি

গৰমে দহিছে সমগ্ৰ উত্তৰ ভাৰত, উত্তৰ-পূব ভাৰত। সূৰ্যৰ তাপমান বৃদ্ধিৰ ফলত উত্তৰ ভাৰতত হিটষ্ট্ৰ’কত মৃত্যু হৈছে বহু লোকৰ। ইয়াৰ মাজতে আহিছে এতিয়া ধুমুহা-বৰষুণৰ আশংকা। পূব–মধ্য বংগোপসাগৰত সৃষ্টি হৈছে গভীৰ নিম্ন চাপ। সমুদ্ৰ বক্ষত এই নিম্ন চাপে বৰ্তমান পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ৪০০ কিলোমিটাৰ দক্ষিণত অৱস্থান কৰিছে। কিন্তু এই নিম্ন চাপৰ ফলত সৃষ্টি হৈছে ঘূৰ্ণী আৰু এই ঘূৰ্ণী ক্ৰমাৎ আগুৱাই আহিছে পশ্চিমবংগৰ দক্ষিণ দিশে। ক্ৰমশঃ শক্তি বৃদ্ধি কৰি উত্তৰলৈ গতি কৰা অৱস্থাত দেওবাৰে নিশা দক্ষিণ বংগ এলেকাত এচাৰ খাই পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। সেই সময়ত উপকূল এলেকাত বলিব ১১০ৰ পৰা ১২০ কিঃমিঃ বেগত বলিব ধুমুহা-বৰষুণ।

দক্ষিণ বংগৰ সকলো জিলাত দেওবাৰ-সোমবাৰে হ’ব প্ৰচণ্ড বৃষ্টি
এই ঘূৰ্ণীৰ প্ৰভাৱত বাংলাদেশ, উত্তৰ-পূবতো হ’ব বৰষুণ

উৎকট গৰমত চৰম অস্বস্তিত ভোগা ৰাজ্যবাসীয়ে এতিয়া প্ৰতীক্ষা কৰিছে এজাক বৰষুণৰ। বিশেষকৈ বৰষুণৰ অভাৱত চিৰাল ফাট মেলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পথাৰত। কাজিৰঙাৰ অভ্যন্তৰতো পানীৰ অভাৱত সংকটৰ সন্মুখীন হৈছে অৰণ্যৰ জীৱ-জন্তু। সেয়ে এতিয়া সকলোৰে প্ৰতীক্ষা এজাক বৰষুণৰ, লাগিলে সেয়া ধুমুহাৰ ৰূপতে নহওক কিয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...