৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোখন আসনত ভোটগ্ৰহণ

৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোখন আসনত ভোটগ্ৰহণ
ভোটকেন্দ্ৰত শাৰী পাতিছে ৰথী–মহাৰথীয়ে
ভোটদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দে
ভোটকেন্দ্ৰৰ ছেল্ফি ৰাহুল-ছোনিয়া গান্ধীৰ
ভোট দিবলৈ আহি ‘স্বৈৰতান্ত্ৰিক শাসক’ৰ বিৰুদ্ধে ভোটদানৰ আহ্বান AAPৰ

৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোটা সমষ্টিতে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। প্ৰখৰ ৰ’দকো নেওচি ভোটকেন্দ্ৰত শাৰী পতিলেহি ভোটাৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী এচ জয়শংকৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। বৈদেশিক মন্ত্ৰীজনে ভোটদান কৰি গ্ৰহণ কৰিলে ফাৰ্ষ্ট মে’ল ভোটাৰৰ প্ৰমাণপত্ৰ।

ভোট দিবলৈ আহি ছোনিয়া গান্ধী আৰু ৰাহুলে তুলিলে ছেল্ফি। ছোনিয়া, ৰাহুল, প্ৰিয়ংকা, ৰবাৰ্ট ভদ্ৰাই ভোটদান কৰি দেশবাসীকো ভোটদানৰ বাবে আহ্বান জনাই। পৰিবৰ্তৰ বাবে ভোট দিলে ৰবাৰ্ট–প্ৰিয়ংকাৰ পুত্ৰ–কন্যাই। ভোটকেন্দ্ৰৰ ষ্টেপত ব‍হি দানৰ আলেখ লেখ লক্ষ্য কৰিলে ৰাহুল আৰু প্ৰিয়ংকাৰ পুত্ৰ ৰাইহান ৰাজীৱ ভদ্ৰাই। দিল্লীত লোকসভা নিৰ্বাচনত ভোটদান কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ।

দিল্লীৰ দুই বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰী আৰু বনসুৰী স্বৰাজে ভোটদান কৰি মোদীৰ সপক্ষে দেশৰ জনতাই ভোটদান কৰা বুলি মন্তব্য কৰে। দিল্লীত ভোটদান কৰিলে সপত্নীক মুখ্যমন্ত্ৰী কেজৰিৱালে। ভোটদান কৰি কেজৰিৱালৰ দৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ’ল সঞ্জয় সিং, আতিশী, বৃন্দা কাৰাট। ভোটদান কৰিলে ৰাজ্যসভাৰ সাংসদ, কেজৰিৱালৰ ব্যক্তিগত সচিবৰ দ্বাৰা প্ৰহৃত বুলি দাবী কৰা স্বাতী মালিৱালে। বিজেপিৰ বিদায়ী সাংসদ গৌতম গম্ভীৰসহ আন বহু নেতা–নেত্ৰীয়ে দিল্লীত সাব্যস্ত কৰিলে ভোটদান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...