লোকচানৰ আশংকাত ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ চাহ উদ্যোগ

অসহ্যকৰ গৰমে দহিছে। সমগ্ৰ ৰাজ্যতে যেন জুইহে বৰষিছে। পথে পথে ঘৰ্মাক্ত পথিকৰ অহা যোৱা। শীতল পানীয়ৰে জুৰাইছে পিয়াহ। বৰ্ধিত পাৰাস্তম্ভই ব্যাঘাত জন্মাইছে সৰ্বত্ৰ। তাৰ মাজতে যোগীঘোপাৰ পৰা আহিছে উদ্বেগজনক খবৰ।

গভীৰ সংকটত যোগীঘোপাৰ ক্ষুদ্ৰ চাহ খেতিয়ক
দীৰ্ঘদিনে অনাবৃষ্টি, অসহ্যকৰ গৰম, গ্ৰীষ্ম প্ৰৱাহ
লোকচানৰ আশংকাত ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ চাহ উদ্যোগ

যোগীঘোপাৰ চাহ বাগিছাত এতিয়া এফালৰ পৰা গছতে গেলিবলৈ-শুকাবলৈ ধৰিছে চাহ পাত। তীব্ৰ খৰাঙত শুকাই মৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ বহু বাগিচা। যোগীঘোপা অঞ্চলৰ চাহ বাগিচাসমূহ খৰাং বতৰৰ কবলত পৰি ক্ষুদ্ৰ চাহ খেতিয়কে আজি দিক বিদিক হেৰুৱাইছে। এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱা বাবেই চাহৰ উৎপাদন ৰাজ্যত ৫০ শতাংশ কম হোৱাৰ পূৰ্বানুমাণ কৰিছে বিশেষজ্ঞসকলে। কেৱল যোগীঘোপাই নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো একেই শংকা।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে জড়িত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনলৈও নামি আহিছে গভীৰ সংকট। কৃত্ৰিম পানী যোগানৰ বাবে কোনো ব্যৱস্থা নথকাত কেৱল বৰষুণৰ বাবে বাট চাব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছা সমুহ মৃত্যু মুখৰ পৰা বচাবলৈ আহ্বান জনাইছে চৰকাৰক।

উদ্বেগ কিন্তু হ্ৰাস পোৱা নাই। ৰাজ্যত ৫০ শতাংশ উত্পাদন হ্ৰাসৰ পূৰ্বানুমাণ বিশেষজ্ঞসকলৰ। স্বাভাৱিকতকৈ ৩৩ শতাংশ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। হ’ব লাগিছিল ২৬৩.৩ মিঃমিঃ বৰষুণ, হৈছে ১৭৭.৭ মিঃমিঃহে। কেৱল অসমতেই নহয়, আন আন ৰাজ্যতো কমিছে বৰষুণ।

মেঘালয়ত ৬৯%, মিজোৰামত ৬৩%, মণিপুৰত ৪৫% বৰষুণ হ্ৰাস
ত্ৰিপুৰাত ৪৩%, অৰুণাচলত ২৬% কমকৈ হৈছে বৰষু

গতিকে এই অভূতপূৰ্ব অনাবৃষ্টিৰ পৰা পৰিত্ৰাণ পাবলৈ বৈজ্ঞানিকভাৱে কিছু চিন্তা চৰ্চা কৰাৰ সময় সমাগত। অন্যথা ভাৰতৰ আন প্ৰান্তৰ ওপৰিও উত্তৰ পূৱতো মানৱ সভ্যতা সন্মুখীন হব ভয়াৱহ সন্নিকত বিপদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...