চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা মুক্তি পালে যদিও কাৰাগাৰতেই থাকিব লাগিব অখিল গগৈ

গুৱাহাটী, ২২ জুন, NKTV: বিগত এটা বছৰৰো অধিক কাল কাৰাবন্দী হৈ আছে কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ। কাৰাগাৰৰ পৰাই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে বিজয়ী হৈ ইতিহাস ৰচিবলৈ সক্ষম হৈছিল অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিভিন্ন অভিযোগ। এই অভিযোগৰ ভিত্তি কৰি অখিলৰ বিৰুদ্ধে আদালতত অব্যাহত আছিল বিচাৰ প্ৰক্ৰিয়া। অৱশেষত চাবুৱা থানাত পঞ্জীভূত গোচৰৰ পৰা ৰেহাই পালে অখিল গগৈয়ে। UAPAৰ অধীনৰ সকলো অভিযোগৰ পৰা মুক্ত হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে চাবুৱা থানাত শিলগুটি দলিয়াই আৰক্ষীক আহত কৰাৰ অভিযোগ সন্দৰ্ভত NIAই তদন্ত চলাইছিল।
চাবুৱা থানাৰ গোচৰৰ ভিত্তিত NIAএ লোৱা গোচৰৰ পৰা মুক্ত হল বিধায়ক অখিল গগৈ। UAPAআইনৰ অধীনত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ গোচৰত অভিযুক্ত হৈছিল অখিল গগৈ। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা হত্যাৰ চেষ্টাৰ অভিযোগৰ পৰাও মুক্ত হৈছে বিধায়কজন। আজি আদালতে অখিল গগৈক পূৰ্বৰ সকলোবোৰ অভিযোগৰ পৰা মুক্ত কৰি দিয়ে। এই গোচৰৰ পৰা যদিও অখিলক মুক্তি দিয়া হৈছে তথাপিও ন্যায়িক জিন্মাতেই থাকিব লাগিব বিধায়কজন। কিয়নো চানমাৰি থানাৰ NIA গোচৰটোৰ পৰা এতিয়ালৈকে জামিন লাভ কৰা নাই অখিল গগৈয়ে। আদালতে নিজৰ ৰায় প্ৰদান কৰাৰ পিছতেই বিধায়কজনে এই ঘটনা সন্দৰ্ভত নিজৰ মত পোষণ কৰে। অখিল গগৈয়ে কয় যে, “NIA ক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছিল চৰকাৰে। আজিৰ ৰায়টোয়ে প্ৰমাণ কৰিলে এই কথা”।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...