দুপালি ভেকচিন অথবা বুষ্টাৰ ড’জ লোৱা ৯০ শতাংশ লোক আক্ৰান্ত হৈছে ক’ভিডৰ নতুন ভেৰিয়েণ্টত

ডেনমাৰ্কৰ পৰা আহিছে আন এক উদ্বেগজনক খবৰ। দেশখনৰ ৯০ শতাংশ অ’মিক্ৰন আক্ৰান্তই ইতিমধ্যে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে। বহুজনে দুয়োপালি লোৱাৰ পাছত বুষ্টাৰ ড’জো গ্ৰহণ কৰিছিল। তাৰ পিছতো অ’মিক্ৰনত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। ডেনিছ স্বাস্থ্য মন্ত্ৰালয়ৰ ষ্টেটেন্স চিৰাম ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি অ’মিক্ৰন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত প্ৰায় ৯০% লোকক ক’ৰনা বা বুষ্টাৰ পালি দুয়োটা পালি প্ৰদান কৰা হৈছে। ডেনমাৰ্কত মুঠ ৪১,৩৪২গৰাকী অ’মিক্ৰন ৰোগীৰ ভিতৰত ২৯,৭৮১ জনে টীকাকৰণ সম্পূৰ্ণ কৰিছে। একে সময়তে ৭,৩৩০ জন লোকে বুষ্টাৰ পালিও সম্পূৰ্ণ কৰিছে। বাকী থকা ৭৩১জনে প্ৰথম পালি গ্ৰহণ কৰিছে। প্ৰতিবেদন অনুসৰি, অত্যাধিক পালি লোৱাৰ ফলত শৰীৰত পাৰ্শ্বক্ৰিয়া হৈ একাংশ লোকে আন আন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...