সন্মুখত উপ-নিৰ্বাচন, মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিৰ্বাচনমুখী মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। মাজুলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পুলক মহন্তই। জিলাখনত থকা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি, BLO, চুপাৰভাইজাৰ আৰু সাংবাদিকৰ উপস্থিতিত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। মাজুলী উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ৯৯ নং মাজুলী  বিধানসভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা ২০২২ প্ৰকাশ কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দ্দেশনাত সম্পন্ন হোৱা বিশেষ সংক্ষিপ্ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩২,৪৪৫গৰাকী। ইয়াৰে ৬৭৪৬৮ গৰাকী পুৰুষ, ৬৪,৯৭৭ গৰাকী মহিলা ভোটাৰ। নতুনকৈ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰ তালিকাত নামভৰ্তিৰ যুৱক-যুৱতীৰ সংখ্যা হৈছে ২,৬০৭গৰাকী আৰু ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১,৩৪৭। সমষ্টিটোৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ১৯৫টা।

নিৰ্বাচনী আয়োগৰ বিধি অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতো আসন্ন উপ-নিৰ্বাচনৰ প্ৰাকক্ষণলৈকে যোগ্য ভোটাৰসকলৰ নামভৰ্তিৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মহন্তই ঘোষণা কৰে এই কথা। জিলাখনৰ এগৰাকীও যোগ্য ভোটাৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগৰ পৰা বঞ্চিত হ’ব লগা নহয় আৰু কোনো অযোগ্য ভোটাৰৰ নাম তালিকাত সন্নিৱিষ্ট হৈ নাথাকে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়াৰ  নিজ ভোটকেন্দ্ৰৰ এলেকাৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ খবৰ কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইড, মহকুমাধিপতি ধৃতিমান দাস, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিভাষ পাঠকো উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...