দুপালি ভেকচিন অথবা বুষ্টাৰ ড’জ লোৱা ৯০ শতাংশ লোক আক্ৰান্ত হৈছে ক’ভিডৰ নতুন ভেৰিয়েণ্টত

ডেনমাৰ্কৰ পৰা আহিছে আন এক উদ্বেগজনক খবৰ। দেশখনৰ ৯০ শতাংশ অ’মিক্ৰন আক্ৰান্তই ইতিমধ্যে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে। বহুজনে দুয়োপালি লোৱাৰ পাছত বুষ্টাৰ ড’জো গ্ৰহণ কৰিছিল। তাৰ পিছতো অ’মিক্ৰনত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক। ডেনিছ স্বাস্থ্য মন্ত্ৰালয়ৰ ষ্টেটেন্স চিৰাম ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি অ’মিক্ৰন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত প্ৰায় ৯০% লোকক ক’ৰনা বা বুষ্টাৰ পালি দুয়োটা পালি প্ৰদান কৰা হৈছে। ডেনমাৰ্কত মুঠ ৪১,৩৪২গৰাকী অ’মিক্ৰন ৰোগীৰ ভিতৰত ২৯,৭৮১ জনে টীকাকৰণ সম্পূৰ্ণ কৰিছে। একে সময়তে ৭,৩৩০ জন লোকে বুষ্টাৰ পালিও সম্পূৰ্ণ কৰিছে। বাকী থকা ৭৩১জনে প্ৰথম পালি গ্ৰহণ কৰিছে। প্ৰতিবেদন অনুসৰি, অত্যাধিক পালি লোৱাৰ ফলত শৰীৰত পাৰ্শ্বক্ৰিয়া হৈ একাংশ লোকে আন আন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত মীৰাবাই চানুৰ প্ৰথমটো পদক, ২৮ বছৰৰ মূৰত ভাৰতলৈ আহিল ভাৰোত্তোলনত ৰূপৰ পদক

মীৰাবাই চানুৰ প্ৰথমটো এছিয়ান গেমছৰ পদক এছিয়ান গেমছৰ কেৰিয়াৰত প্ৰথমটো...

মহানগৰীত গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ; দালালৰ জালত পৰি সৰ্বশ্ৰান্ত পৰিয়াল

মহানগৰী গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ। হাইস্কুল শিক্ষান্ত...

বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে...