ৰুক্মিনী হৰণ…গুজৰাটৰ মাধৱপুৰ মন্দিৰত কিয় আয়োজন কৰা হয় ৫ দিনীয়া বিবাহ উৎসৱ?

ৰুক্মিনী হৰণৰ কাহিনী অথবা আখ্যান আপুনি হয়তো নিজেও পঢ়িছে নাইবা আন স্থানত শুনিছে। অতীজৰে পৰা ৰুক্মিনী হৰণক লৈ নানাক লোককথা আৰু আখ্যান প্ৰচলিত আছে। ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিনীক হৰণ কৰি গুজৰাটৰ মাধৱপুৰ মন্দিৰত চ’ত মাহৰ শুক্লা দ্বাদশী তিথিত বিয়া পাতিছিল।

তেতিয়াৰে পৰা প্ৰতি বছৰে ৫ দিনীয়াকৈ বিবাহ উৎসৱ আয়োজন কৰা হয়। ‘বাৰাট’ৰে আৰম্ভ হোৱা এই উৎসৱ ‘বিদায়’ৰে সমাপ্ত হয়। ‘ৰুক্মিনী হৰণ’ নাটতো দ্বাৰকা যাত্ৰাৰ বৰ্ণনা আছে। এইবাৰ ৫ দিনীয়া মাধৱপুৰ উৎসৱত অসম আৰু অৰুণাচলকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ লোককৃষ্টি আৰু হস্তশিল্প-বস্ত্ৰশিল্প প্ৰদৰ্শিত হৈছে।

এইবাৰৰ মহোত্সৱত অসমৰ ২৪০জন শিল্পীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পৌৰাণিক লোককথাই পুনৰ অসম তথা উত্তৰ-পূবৰ সৈতে গুজৰাটক আকৌ এবাৰ মিলনৰ সেঁতুৰে বান্ধিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...