মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত প্ৰয়োজনীয় সকলোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ এক বৈঠকত আজি এই সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

বাহিনী নদীৰ কাষৰ কিছু কিছু অংশত হোৱা বেদখল আৰু নিৰ্মাণকাৰ্যৰ বাবে নদীখন ঠেক হৈ পানী সংবহনত হোৱা অসুবিধাৰ দিশলৈ লক্ষ্য ৰাখি অতি সোনকালে এনে স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মন্ত্ৰী সিংহলে আজি প্ৰশাসনক নিৰ্দেশ দিয়ে৷ ইয়াৰে কিছু কিছু ঠাই বেদখলকাৰীৰ নামত ইতিপূৰ্বে নিষ্পত্তি হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰয়োজনসাপেক্ষে শিলসাকোঁ বিলৰ ক্ষেত্ৰত কৰাৰ দৰে এনে নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে৷

মন্ত্ৰী সিংহলে আজি গুৱাহাটী জল ব’ৰ্ডৰ বিষয়ববীয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা প্ৰদান কৰে৷

আজিৰ আন এক বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰো বুজ লয়৷ বিভিন্নধৰণৰ নিৰ্মাণকাৰ্য তথা জল ব’ৰ্ডকে ধৰি বিভিন্ন পক্ষই কৰা খননৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ পথতে হোৱা যান-জঁটৰ সমস্যাত উদ্বিগ্নতা প্ৰকাশ কৰি বিশেষকৈ জল ব’ৰ্ডৰ পাইপ বহুওৱাৰ কাম-কাজ দিনে-ৰাতিয়ে কৰি তৎকালে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে৷ একেদৰে বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজন হোৱা গুৱাহাটী মহানগৰীৰ পথ খননৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এক মানক পৰিচালন ব্যৱস্থা [এছ অ’ পি] জাৰি কৰিবলৈও তেওঁ কামৰূপ [মহানগৰ] জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল, ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা জল ব’ৰ্ডৰ বিষয়ববীয়াসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ [মহানগৰ] জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰকল্পকেইটাৰ অন্যান্য অংশীদাৰী পক্ষসমূহো উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান ডাঃ এ. চি. কটকীৰ

উত্তৰ-পূৱ ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা ক্ষেত্ৰত নতুন শক্তিৰ...

গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল...

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...