উঃ মাঃ, স্নাতক শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ

0 146

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত অধ্যয়নৰত ৩.৪ লাখ ছাত্র-ছাত্রী প্রত্যেককে ১,৪৪৯ টকাকৈ প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা পাঠ্যপুথি ক্ৰয়ৰ আঁচনি এখনৰ শুভ উদ্বোধন কৰে। তদুপৰি ১৬,৭৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেছ বিল হিচাপত প্ৰতিগৰাকীয়ে ৭,১৫৭ টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী স্নাতকোত্তৰ (পিজি) ছাত্রীক বার্ষিকভাবে ১০,০০০ টকাকৈ দিয়া হ’ব। উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীক সংখ্যালঘু বৃত্তিৰ বিশেষ সুবিধা প্রদানেৰে প্ৰত্যেকলৈ যথাক্রমে ২,০০০ আৰু ৪,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ছাত্র দিৱস উপলক্ষে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পবিত্ৰ সোঁৱৰণত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বড়ো জাতিৰ পিতৃপুৰুষ মহীৰূহগৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অপৰিসীম অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে মহান আত্মাৰ প্ৰতি উপযুক্ত শ্রদ্ধা জনোৱাৰ বাবে অন্ততঃ এটা জনগোষ্ঠীয় ভাষা আহৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বডোফা উপেন্দ্র নাথ ব্ৰহ্মই নাতিদীর্ঘ জীৱনকালত জনসাধাৰণৰ আৰ্থ-সামাজিক উত্তৰণ আৰু সাংস্কৃতিক সবলীকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যায়। সেইবাবে তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে ছাত্ৰ দিৱস পালন কৰি ৰাজ্যৰ বিদ্যাৰ্থী সমাজৰ সবলীকৰণৰ দিশত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পৰাকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত অধ্যয়নৰত ৩.৪ লাখ ছাত্র-ছাত্রী প্রত্যেককে ১,৪৪৯ টকাকৈ প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা পাঠ্যপুথি ক্ৰয়ৰ আঁচনি এখনৰ শুভ উদ্বোধন কৰে। তদুপৰি ১৬,৭৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেছ বিল হিচাপত প্ৰতিগৰাকীয়ে ৭,১৫৭ টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী স্নাতকোত্তৰ (পিজি) ছাত্রীক বার্ষিকভাবে ১০,০০০ টকাকৈ দিয়া হ’ব। উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীক সংখ্যালঘু বৃত্তিৰ বিশেষ সুবিধা প্রদানেৰে প্ৰত্যেকলৈ যথাক্রমে ২,০০০ আৰু ৪,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত ৫১,৮৫৮ খন বিদ্যালয়লৈ টেবলেট বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰে, যাতে ছাত্র-ছাত্রীসকলে ডিজিটেলি তথ্যসমূহ সংৰক্ষিত কৰি ৰাখিব পাৰে। আনহাতে, অভিনন্দন আঁচনিৰ অধীনত শিক্ষামূলক ঋণ লৈ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী ৰাজসাহায্য হিচাপে ৫০,০০० টকাকৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে। তদুপৰি মহাবিদ্যালয়সমূহত শিক্ষা বিনামূলীয়া কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৩৩৭ খন মহাবিদ্যালয়লৈ আর্থিক সাহায্য ঘোষণা কৰে।

মুখ্যমন্ত্রীয়ে কয় যে বড়োফা উপেন্দ্র নাথ ব্ৰহ্মই নিজস্ব কৰ্ম আৰু জীৱনদর্শনেৰে ৰাজ্যৰ সমাজ জীৱনত অম্লান চাপ এৰি থৈ গৈছে। বড়ো জাতিৰ আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামত তেওঁ গভীৰভাৱে জড়িত হৈ পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়োসকলৰ আৰ্থ-সামাজিক উত্তৰণৰ এক নতুন সপোন দেখিছিল। এবছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ অসমৰ বড়ো আৰু অন্যান্য ভৈয়াম জনজাতিৰ আশা আৰু আকাংক্ষা পূৰণৰ দিশত বলিষ্ঠতাৰে লোৱা পদক্ষেপৰ বিষয়টো ভাষণ প্ৰসংগত উল্লেখ কৰে। বডোফাৰ চিন্তা আৰু দৰ্শনৰ এতিয়াও প্ৰাসংগিকতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিজন ছাত্ৰ-ছাত্ৰীৰ জীৱনত লক্ষ্য থাকিব লাগে। এই কথা বড়োফা উপেন্দ্র নাথ ব্ৰহ্মই গভীৰভাৱে বিশ্বাস কৰিছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে, জীৱনৰ এটি লক্ষ্যই ব্যক্তিৰ জীৱন গঢ়ি তোলাৰ দিশত শক্তিশালী ভূমিকা যোগায়। উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে ছাত্র দিৱস উদযাপন কৰাটো এক ঐতিহাসিক সিদ্ধান্ত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই দিবস উদযাপনে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কৰ্ম আৰু দৰ্শনক আগুৱাই নিয়াৰ দিশত সকলোকে প্ৰেৰণা যোগাব।

মুখ্যমন্ত্রীয়ে কয় যে ছাত্র-ছাত্রীসকলক প্ৰদান কৰা ধন আৰু ঘোষণা অনুসৰি প্ৰদান কৰিবলগীয়া ধন। ডি বি টি অর্থাৎ প্রত্যক্ষ লাভালাভ হস্তান্তৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক বেংক একাউণ্টত প্ৰদান কৰাৰ জৰিয়তে ডি বি টি প্ৰক্ৰিয়াটোত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ দিশত সহায়ক হৈ উঠিব আৰু তৃতীয় ব্যক্তি জড়িত থকাৰ কোনো সুযোগ লাভ নকৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালকে আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে আৰু ইয়ে আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্র দিৱস উদযাপন, ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ আৰু বি টি আৰ এলেকাৰ ছাত্ৰ- ছাত্রীসকলে অংশগ্রহণ কৰাৰ জৰিয়তে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যে বিকাশৰ দিশত সমভাৱে আগুৱাই যাব বিচাৰিছে তাৰেই সাক্ষ্য বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে আৰু এই চুক্তিৰ ফলত আজি বি টি আৰ এলেকাত শান্তি আৰু প্ৰগতিৰ এক শক্তিশালী বাতাবৰণৰ সূচনা হৈছে। মুখ্যমন্ত্রীয়ে ৭ খন আঁচনি ৰূপায়ণৰ শুভাৰম্ভণি হিচাপে কিছুসংখ্যক ছাত্র-ছাত্রীক অনুমোদন পত্ৰও আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.