পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি-প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ পদক্ষেপ

এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতাৰ আহ্বান মন্ত্ৰী অশোক সিংহলৰ

মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগমে লাষ্টগে’টৰ সংশ্লিষ্ট এলেকাত আজি তাৎক্ষণিকভাৱে চিচিটিভি কেমেৰা সংস্থাপন কৰে। উল্লেখযোগ্য যে ৪৮ নং আদৰ্শ ৱাৰ্ডৰ কেইবাটাও স্পৰ্শকাতৰ স্থানত ইয়াৰ পূৰ্বেও চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত এখন স্বচ্ছ আৰু পৰিষ্কাৰ মহানগৰী গঢ়াৰ বাবে প্ৰশাসনে কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি তথা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে গুৱাহাটী পৌৰ নিগমে। আজি পৌৰ নিগমৰ ৪৮ নং মডেল ৱাৰ্ডত স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে পৌৰ নিগমৰ আৰক্ষী, স্বচ্ছতা প্ৰহৰী আৰু বিষয়ববীয়াৰ দলে অভিযান চলাই এগৰাকী স্থানীয় দোকানীৰ লগতে পথৰ কাষলৈ আৱৰ্জনা দলিওৱা আন কেইবাগৰাকীও লোককো হাতে-লোতে কৰায়ত্ত কৰে। পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত পৌৰ নিগমৰ দলটোৱে লাষ্টগেটৰ হৰিজন কলনীৰ সিং ষ্টৰ নামৰ দোকানখনৰ অনুজ্ঞাপত্ৰও বাতিল কৰাৰ লগতে দোকানখন ছীল কৰি দিয়ে। আনহাতে অঞ্চলটোৰ কিছুসংখ্যক বাসিন্দাই পৌৰ নিগমৰ জাৱৰ সংগ্ৰহ কৰা বাহনত আৱৰ্জনা জমা দিয়াৰ পৰিৱৰ্তে আনৰ হতুৱাই পথৰ কাষত পেলাবলৈ আৱৰ্জনা দি পথোৱা কাৰ্য প্ৰত্যক্ষ কৰি তেনে বাসিন্দাসকলকো এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ তহলদাৰী দলটোৱে সতৰ্ক কৰি দিয়ে।

এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতাৰ আহ্বান জনাইছে মন্ত্ৰী অশোক সিংহলে। চহৰখন পৰিস্কাৰ কৰি ৰখাটো আমাৰ প্ৰতিজন নাগৰিকৰে নৈতিক দায়িত্ব আৰু প্ৰাথমিক কৰ্তব্য বুলি উল্লেখ কৰি সামূহিক প্ৰচেষ্টাৰে নিজৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন স্বচ্ছ আৰু সৰ্বাংগ-সুন্দৰ গুৱাহাটী চহৰ গঢ়ি তোলাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়। নিজ নিজ ৱাৰ্ডত প্ৰতিগৰাকী নাগৰিককে একোগৰাকী স্বচ্ছতা প্ৰহৰীৰ ভূমিকা পালন কৰি পথৰ দাঁতি অথবা নলাত জাৱৰ পেলোৱা লোকক চিনাক্ত কৰাত সহযোগিতা আগবঢ়াবলৈকো তেওঁ মহানগৰবাসীলৈ আহ্বান জনায়।

আনহাতে, স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰি তুলিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিছে মন্ত্ৰী সিংহলে। এনে লোকক উপযুক্ত জৰিমনা বিহাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী পদক্ষেপ গ্ৰহণৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। লগতে পথৰ কাষৰ আৱৰ্জনা জমা কৰাৰ প্ৰৱণতা থকা স্পৰ্শকাতৰ এলেকাসমূহত চিচিটিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...