আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালী পূজা আৰু আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভাৰতীয় আধ্যাত্মিক জীৱনবোধত ধৰ্মীয় উৎসৱ সমূহৰ এক গভীৰ প্ৰভাৱ আছে। পোহৰৰ উৎসৱ দীপাৱলীয়ে এন্ধাৰ বিনাশী আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। আলোকৰ জয় যাত্ৰাৰ এক পৱিত্ৰ উৎসৱে আমাক সকলোকে প্ৰমূল্যবোধৰ ভিত্তিত সমাজ গঢ়িবলৈ অনুপ্ৰাণিত কৰে। মুখ্যমন্ত্ৰীয়ে এই উৎসৱৰ সময়ত প্রাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। আনহাতে কালী পূজা উদ্‌যাপনে অপশক্তি আৰু অপসংস্কৃতিৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে সাহস যোগায়।

মুখ্যমন্ত্রীয়ে দীপাৱলী উদযাপনৰ জৰিয়তে সমাজ জীৱনত একতাৰ বান্ধোন আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে দীপাৱলীৰ এই শুভক্ষণত অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ সমাজখনক ভাতৃত্ববোধৰ বান্ধোনেৰে আগুৱাই নিয়াৰ বাবে সংকল্প ল’বলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কালী পূজা আৰু দীপাৱলী উদযাপনৰ জৰিয়তে সকলোৰে জীৱন আলোকময় হৈ উঠিব বুলিও আশা প্রকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা

বেংগালুৰুত অৱস্থিত আট অৱ লিভিংঙৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰবি...

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...