শিক্ষাবিদ, লোকসংস্কৃতিৰ সাধক ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্রকাশ

বিশিষ্ট পণ্ডিত, শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক, ভাষা-সংস্কৃতিৰ পুজাৰী ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্রনাথ দত্তই বিদ্যায়তনিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই যায়। লোকসংস্কৃতিৰ এইগৰাকী গৱেষকে অসমৰ লোক জীৱনৰ ভিন্নমুখী দিশসমূহৰ উপাদানসমূহ মননশীল দৃষ্টিভংগীৰে বিশ্লেষণ কৰি ৰাজ্যখনৰ লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰি থৈ যায়। অসম সাহিত্য সভাৰ এইগৰাকী প্ৰাক্তন সভাপতিয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে অসমীয়া ভাষা-সাহিত্যলৈ যথেষ্ট অৰিহণা আগবঢ়াই গৈছে। আনহাতে কেইবাখনো গ্রন্থ তেখেতে প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। এগৰাকী শিল্পী হিচাপে তেখেতে আমাৰ সাংস্কৃতিক জীৱনলৈ যি অৱদান আগবঢ়াই গ’ল সেয়া সদায়ে অম্লান হৈ ৰ’ব। বিশিষ্ট পণ্ডিত, ধীমান ব্যক্তিত্ব, লোকসংস্কৃতিৰ গৱেষক ড° বীৰেন্দ্ৰনাথ দত্তই সুগভীৰ চিন্তা-চেতনাৰে অসমক দি গ’ল সাগৰসম অৱদান। বিশিষ্ট শিক্ষাবিদগৰাকীৰ বিয়োগ ৰাজ্যৰ শৈক্ষিক, সাংস্কৃতিক, সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে বিশিষ্ট লোকসংস্কৃতিৰ সাধক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...