অসমবাসীক সংগীতৰ মায়াৰে মোহাৱিষ্ট কৰা দশৰথ দাস আৰু নাই

শোকৰ সাগৰত সকলোকে থৈ ৰুদ্ধ হ’ল সুৰৰ নৈ। মেলানি মাগিলে ভ্ৰাম্যমাণ থিয়েটাৰ সংগীতৰ অবিসম্বাদী সম্ৰাটে। দশৰথ দাস আৰু নাই।খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ সকলো।

৬০ৰ দশকত অসমে লাভ কৰিছিল এক কণ্ঠ
নটৰাজৰ সংগীত কক্ষৰ পৰা আৰম্ভ হৈছিল অপ্ৰতিৰোধ্য যাত্ৰা
অসমবাসীক সংগীতৰ মায়াৰে মোহাৱিষ্ট কৰা দশৰথ দাস আৰু নাই

কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰা দশৰথ দাসে ১৯৭৬ৰ পৰা আৰম্ভ কৰিছিল পূৰ্ণাংগ সংগীত পৰিচালকৰ কেৰিয়াৰ। আকৌ প্ৰাণ ঢালি গাবলৈ নাহে মৰম ভালপোৱাৰ গান।

দশৰথ দাসৰ নশ্বৰ দেহ লৈ ওলাল বাঘমাৰাত সমদল
মাইকত ভাঁহি উঠিছে তেওঁৰ জনপ্ৰিয় চন্দ্ৰা অ’ চন্দ্ৰাৱলী

পুৱাৰে পৰাই এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে সংগীতশিল্পীগৰাকীৰ বাক্সাৰ আংগুলিয়াস্থিত ঘৰখনত। শেষ শ্ৰদ্ধা জনাবলৈ গুণমুগ্ধৰ ভিৰ। অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসৰ চিনাকি কণ্ঠক বিদায় দিবলৈ আহিল পুৰণি সতীৰ্থ। আৱাহনৰ মঞ্চত স্নেহবন্ধন, টাইটানিক আদি নাটকত তেওঁ গোৱা গান, তেওঁ কৰা সংগীত আজিও দৰ্শকৰ অন্তৰে অন্তৰে। ব্ৰজ শৰ্মা বঁটা প্ৰাপক দশৰথ দাসৰ বিয়োগত মৰ্মাহত সংগীতশিল্পী–সংগীতানুৰাগী।

শনিবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে
কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী
পিতৃৰ বিয়োগত সজল সোঁৱৰণ পুত্ৰৰ

কেৱল ভ্ৰাম্যমান থিয়েটাৰেই নহয়, অসমীয়া ছবি জগতৰ সংগীতৰ ক্ষেত্ৰত তেওঁ আছিল সুকীয়া নাম।
২০০৩ চনত অৱসৰ লৈছিল থিয়েটাৰৰ পৰা। পুত্ৰই ঘৰতে ব্যৱস্থা কৰা ষ্টুডিঅ’তে ব্যস্ত হৈ আছিল শিল্পীজন। গানেৰে মায়াসনা মানুহজনৰ বিদায়ত এতিয়া শোকাকুল শৰৎ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...