কাজিৰঙাত ২খন, শোণিতপুৰত ১খন নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

কাজিৰঙা, শোণিতপুৰত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ

একেদিনাই ৩খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

কাজিৰঙাত ২খন, শোণিতপুৰত ১খন নিৰ্বাচনী সভাত অংশগ্ৰহণ

তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

বিহুৰ উলহ মালহৰ মাজতেই গোসাঁই বিহুৰ দিনা ২টা সমষ্টিৰ ৩খনকৈ নিৰ্বাচনী সভাত অংশ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ ২খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। সোমবাৰে কাজিৰঙা সমষ্টিৰ অন্তৰ্গত লামডিঙত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে প্ৰথমখন বিজয় সংকল্প সভা। হেলিকপ্টাৰেৰে লামডিঙত উপস্থিত হৈ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। । ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে  চিৰাচৰিতভাৱে নিৰ্বাচনী নৃত্য–গীতত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ উপৰিও লামডিঙত মুখ্যমন্ত্ৰীৰ মুখত বাৰে বাৰে উচ্চাৰিত হ’ল ৰাম মন্দিৰ প্ৰসংগ।

বিশেষকৈ হিন্দুবেংগলী বসতিপ্ৰধান বিধানসভা সমষ্টিটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা কৈ ভোটাৰ ৰাইজক বিশেষ আকৰ্ষিত কৰাৰ চেষ্টা চলায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ মতে– বাবৰে ৫০০ বছৰে বন্ধ কৰি ৰখা ৰামক পুনৰ প্ৰতিষ্ঠা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰভূ শ্ৰীৰামৰ কথা ক’বলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক  আক্ৰমণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ অভিযোগ-

ৰাম–কৃষ্ণৰ প্ৰতি সন্মান নাই ৰাহুল গান্ধীৰ

ঈদ উল ফিতৰত যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শিৱসাগৰত নামাজ পঢ়াক লৈও লামডিঙত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

নিৰ্বাচনী ভাষণৰ মাজতেই লামডিঙৰ যুৱপ্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে- অহা ৪ মাহৰ ভিতৰতে অসমৰ যুৱক–যুৱতীক ২ লাখকৈ টকা দিব চৰকাৰে

লামডিঙৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে প্ৰায় ৩০ কিলোমিটাৰ পথ আকাশমাৰ্গেৰে আহি উপস্থিত হয় হোজাই জিলাৰ মোৰাঝাৰত। মূলত সংখ্যালঘু বসতিপ্ৰধান পূৰ্বৰ যমুনামুখ তথা নৱগঠিত বিন্নাকান্দি সমষ্টিত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এখন বিশাল নিৰ্বাচনী সভাত। মুখ্যমন্ত্ৰীক চাবলৈ সভাত অগণন সংখ্যালঘু লোক উপস্থিত থকা পৰিলক্ষিত হয়। আনকি একাংশ লোকে পেণ্ডেলৰ ওপৰত উঠি প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা। মোৰাঝাৰত নিৰ্বাচনী ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীৰ অভিযোগ- কংগ্ৰেছ চৰকাৰৰ দিনত সংঘাত লাগিছিল হিন্দু–মুছলমানৰ মাজত।

একেদিনাই শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰাত বিজেপি প্ৰাৰ্থী ৰণজিৎ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই তেজপুৰত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...