ৰাজপথত দপদপাই জ্বলিছে দুখন গাড়ী

এক ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষত অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৭ গৰাকী লোকৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হ’ল ৰাজস্থানত। মন্দিৰত পূজা দিবলৈ গৈ ঘূৰি অহাৰ পথত সংঘটিত হ’ল এই শোকাবহ দুৰ্ঘটনা।

জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু

এক হাহাকাৰ পৰিস্থিতি। দপদপাই জ্বলিছে দুখন গাড়ী। এখন মালবাহী ট্ৰাক আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ ছিকাৰৰ ফটেহপুৰত।

মুকলি ৰাস্তাত তীব্ৰ বেগত আছিল কাৰখন
ট্ৰাকখনক ওভাৰটেক কৰিব খুজিছিল
সন্মুখৰ পৰা আন গাড়ী অহাত খুন্দা মাৰে ট্ৰাকত

কাৰখনৰ চালকে গাড়ী নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ট্ৰাকত খুন্দা মৰাৰ লগে লগে জ্বলি উঠে কাৰখন। ট্ৰাকখনতো লাগে জুই।

প্ৰাণৰক্ষাৰ বাবে চিৎকাৰ কৰে কাৰখনৰ যাত্ৰীসকলে
স্থানীয় লোকে বহু চেষ্টা কৰিও খুলিব নোৱাৰিলে কাৰখনৰ দুৱাৰ

জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে কাৰখনৰ ৭ আৰোহীয়ে। পিছত ঘটনা স্থলীত উপস্থিত হৈ কাৰৰ ভিতৰৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে।

নিহত কেউজন মিৰাটৰ এটা পৰিয়ালৰ সদস্য
নিহতসকলৰ মাজত আছে ২টা শিশু

ৰাজস্থানৰ ছালাছাৰৰ বালাজী মন্দিৰত পূজা দি উভতি অহাৰ পিছত সংঘটিত হয় এই শোকাবহ দৰ্ঘটনা। দেওবাৰে বিয়লি সংঘটিত হোৱা এই দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...