ৰাজপথত দপদপাই জ্বলিছে দুখন গাড়ী

এক ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষত অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৭ গৰাকী লোকৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হ’ল ৰাজস্থানত। মন্দিৰত পূজা দিবলৈ গৈ ঘূৰি অহাৰ পথত সংঘটিত হ’ল এই শোকাবহ দুৰ্ঘটনা।

জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৭ জনৰ মৃত্যু

এক হাহাকাৰ পৰিস্থিতি। দপদপাই জ্বলিছে দুখন গাড়ী। এখন মালবাহী ট্ৰাক আৰু এখন কাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ ছিকাৰৰ ফটেহপুৰত।

মুকলি ৰাস্তাত তীব্ৰ বেগত আছিল কাৰখন
ট্ৰাকখনক ওভাৰটেক কৰিব খুজিছিল
সন্মুখৰ পৰা আন গাড়ী অহাত খুন্দা মাৰে ট্ৰাকত

কাৰখনৰ চালকে গাড়ী নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ট্ৰাকত খুন্দা মৰাৰ লগে লগে জ্বলি উঠে কাৰখন। ট্ৰাকখনতো লাগে জুই।

প্ৰাণৰক্ষাৰ বাবে চিৎকাৰ কৰে কাৰখনৰ যাত্ৰীসকলে
স্থানীয় লোকে বহু চেষ্টা কৰিও খুলিব নোৱাৰিলে কাৰখনৰ দুৱাৰ

জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে কাৰখনৰ ৭ আৰোহীয়ে। পিছত ঘটনা স্থলীত উপস্থিত হৈ কাৰৰ ভিতৰৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে।

নিহত কেউজন মিৰাটৰ এটা পৰিয়ালৰ সদস্য
নিহতসকলৰ মাজত আছে ২টা শিশু

ৰাজস্থানৰ ছালাছাৰৰ বালাজী মন্দিৰত পূজা দি উভতি অহাৰ পিছত সংঘটিত হয় এই শোকাবহ দৰ্ঘটনা। দেওবাৰে বিয়লি সংঘটিত হোৱা এই দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...