মঙলবাৰে যোৰহাটত ৰোড শ্ব’ত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে

তিতাবৰৰ পৰা যোৰহাটলৈ প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’ৰ আয়োজন

একেদিনাই যোৰহাটৰ মাজুলী-আমগুৰিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ মঙলবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। যোৰহাটত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

দিনৰ ১০.৪৫ বজাত যোৰহাটত উপস্থিত হ’ব প্ৰিয়ংকা গান্ধী

বিমানবন্দৰতে প্ৰিয়ংকা গান্ধীক আদৰণি জনাব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। ইয়াৰ পিছতেই বিমানবন্দৰৰ পৰা প্ৰিয়ংকা গান্ধী পোনে পোনে ৰাওনা হ’ব তিতাবৰলৈ।

দিনৰ ১১.৩০ বজাত তিতাবৰৰ পৰা আৰম্ভ হ’ব প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’

দিনৰ ১২.৩০ বজাত যোৰহাটত অন্ত পৰিব প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ক লৈ ইতিমধ্যে যোৰহাটত ব্যাপক আয়োজন চলাইছে কংগ্ৰেছ দলে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’লৈ কংগ্ৰেছে আনিব দলীয় নেতা–কৰ্মীক। ইপিনে মাথোঁ এঘণ্টাৰ বাবে যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী যোৰহাট বিমানবন্দৰৰ পৰা উৰা মাৰিব ত্ৰিপুৰাৰ আগৰতলালৈ।                                                                                                          

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...