আয়ুষ্মান ভাৰতৰ পৰা বাদ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহ আয়ুষ্মান অসমৰ জৰিয়তে লাভৱান হ’ব : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে আয়ুষ্মান অসম-মুখ্যমন্ত্রী জন আৰোগ্য যোজনা

আয়ুষ্মান অসমে সৰ্বাংগীন বিকাশৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব : মুখ্যমন্ত্রী

আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ প্রতীক : মুখ্যমন্ত্রী

ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূর্তি উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে আয়ুষ্মান ভাৰতৰ অভিনৱ সম্প্ৰসাৰণেৰে আয়ুষ্মান অসম-মুখ্যমন্ত্রী জন আৰোগ্য যোজনা নামৰ স্বাস্থ্য নিশ্চয়তা আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালৰ বাবে বছৰি ৫ লাখ টকা পর্যন্ত নগদ বিহীন চিকিৎসা সেৱা প্ৰদানৰ সুবিধা উপলব্ধ হ’ব। আধাৰ কাৰ্ড থকা যিসকল হিতাধিকাৰী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত তালিকাভুক্ত কিন্তু এ বি পি এম জে এ ৱাইৰ অধীনত সামৰি লোৱা হোৱা নাই, তেনে লোকক এই আঁচনিৰ বাবে যোগ্য বিবেচিত কৰা হ’ব। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অসমত ৩০০ খনতকৈও অধিক তালিকাভুক্ত চিকিৎসালয় আৰু দেশৰ সকলো এ বি পি এম জে এ বাইৰ তালিকাভুক্ত চিকিৎসালয়ত ১৫৭৮ প্ৰক্ৰিয়া উপলব্ধ কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখনৰ অধীনত প্রায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালক সামৰি লোৱা হ’ব যদিও পৰৱৰ্তী পৰ্যায়ত পর্যায়ক্রমে ইয়াক ৩২ লাখ পৰিয়াললৈ বৃদ্ধি কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ে সমাজৰ শেষৰ জন ব্যক্তিও যাতে জন সেৱাৰ দ্বাৰা উপকৃত হ’ব পাৰে সেই অন্ত্যোদয়া ধাৰণাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰৱচ্ছিন্নভাবে প্রয়াস চলাই আহিছে। মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ জৰিয়তে সমাজৰ শেষৰ জন ব্যক্তিও যাতে উপকৃত হ’ব পাৰে সেই লক্ষ্যৰে ৰাজ্য চৰকাৰে এই কল্যাণকামী আঁচনিখন গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বিশেষ কিছুমান সীমাবদ্ধতাৰ বাবে অর্থনৈতিকভাৱে অনগ্ৰসৰ যিসমূহ পৰিয়াল প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ পৰা বাদ পৰি ৰৈছিল সেই পৰিয়ালসমূহে প্ৰতিবছৰে নগদ বিহীন স্বাস্থ্য সেৱাৰ চিকিৎসা লাভ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ কয় যে আয়ুষ্মান ভারত অথবা আয়ুষ্মান অসমৰ জৰিয়তে এনেধৰণৰ ২৬ লাখ পৰিয়ালক সামৰি লোৱা হ’ব। তেওঁ কয় যে অটল অমৃত অভিযান ছ’চাইটিয়ে আয়ুষ্মান অসমৰ কাম-কাজসমূহ পৰিচালিত কৰিব। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে আয়ুষ্মান অসমে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ দিশত নিৰ্ণয়াত্মক ভূমিকা গ্ৰহণ কৰিব। চিকিৎসা ব্যয়ৰ বাবে অর্থনৈতিভাৱে দুৰ্বল পৰিয়ালসমূহে এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে হিতাধিকাৰী পৰিয়ালসমূহে ইয়াৰ জৰিয়তে এতিয়াৰ পৰা অধিক মর্যাদাপূর্ণ জীৱন-যাপন কৰিব পাৰিব।

আয়ুষ্মান অসম-মুখ্যমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত-প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাক ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ প্ৰতিফলন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, পূৰ্বে আৰম্ভ কৰা মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ আদি আঁচনিৰ লগতে আজি শুভাৰম্ভ কৰা আয়ুষ্মান অসমৰ জৰিয়তে সমাজৰ পিছপৰা শ্ৰেণীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কাম কৰি অহাটোকে প্ৰমাণ কৰিছে।

মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয়। তেওঁ কয় যে চাংসাৰিত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ লগতে ৰাজ্যখনৰ কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ শুভ উদ্বোধনৰ ফলত আগন্তুক সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত পূৰ্বতকৈ বহু ইতিবাচক পৰিৱৰ্তন সাধন হ’ব। এটা দশক পূৰ্বৰ তুলনাত বৰ্তমান ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা বৃদ্ধি হৈছে বুলিও তেওঁ কয়। ৰাজ্যৰ চিকিৎসালয়সমূহত নাৰ্চিং পাঠ্যক্ৰমৰ শুভাৰম্ভ, আগন্তুক দিনত ১৭ খন কার্যক্ষম কর্কট চিকিৎসালয়, ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠানত আগন্তুক সময়ত ছুপাৰ স্পেচিয়েলিটি হস্পতালৰ লগতে চিকিৎসা গৱেষণা কেন্দ্ৰ আদিৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণ বাৰুকৈয়ে উপকৃত হ’ব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা নামৰ এক স্বাস্থ্যসেৱাৰ সুবিধা অহা ১৫ আগষ্টৰ পৰা শুভাৰম্ভ হোৱাৰ কথাও ঘোষণা কৰে। ইয়াৰ জৰিয়তে কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ চিকিৎসা ব্যয়ৰ জটিলতা নাইকীয়া হ’ব বুলি তেওঁ কয়।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈ অধিক দক্ষতাৰে তেওঁ যাতে সাংবিধানিক দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে ৰাইজৰ আশিস কামনা কৰে। এই উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় পেট্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম মন্ত্ৰী সভাৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীবাসীয়ে শীঘ্ৰে লাভ কৰিব আৰু এখন অত্যাধুনিক উদ্যান

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনক নতুন মাত্ৰা দিব উদ্যানখনে। বৃহস্পতিবাৰে নিৰ্মিয়মান...

তামাৰহাটৰ গঙ্গাধৰ নৈত এতিয়া অবৈধ বালি খনন

ডাম্পাৰ আৰু নচলিববাঁহ বান্ধি দিলে ৰাইজেউত্তাল তামাৰহাট তামাৰহাটৰ গঙ্গাধৰ নৈত...

জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈ

উৎকট শীত প্ৰবাহে গ্রাস কৰিছে সমগ্র উত্তৰ ভাৰতজম্মু-কাশ্মীৰ, হিমাচল,...

হাতীগাঁৱৰ নাহৰণি পথত ছুৰিকাঘাতৰ শিহৰণকাৰী ঘটনা

তেজৰ টোপাল লাগি থকা জোতা-হেলমেট ৰাস্তাতGMCHত মৃত্যু হ’ল মৰাণৰ...