বিকাশৰ যাত্ৰা অব্যাহত ৰাখিবলৈ জনসাধাৰণৰ আশিস কামনা মুখ্যমন্ত্ৰীৰ

0 69

নাৰায়ণপুৰত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

শ্ৰীশ্ৰীমাধৱদেৱ আছিল অদ্বিতীয় গুৰুৰ এগৰাকী অদ্বিতীয় শিষ্য : মুখ্যমন্ত্রী

আগন্তুক তিনিটা বৰ্ষত ৰাজ্যৰ বিকাশৰ যাত্ৰা অব্যাহত ৰাখিবলৈ জনসাধাৰণৰ আশিস কামনা মুখ্যমন্ত্ৰীৰ

নাৰায়ণপুৰত একাধিক প্রকল্প উদ্বোধন তথা শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰতিষ্ঠিত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্র আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰাৰ লগতে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নাৰায়ণপুৰত কেইবাটা প্রকল্পও আনুষ্ঠানিকভাৱে শুভাৰম্ভ তথা শিলান্যাস কৰে।

উল্লেখ্য যে নাৰায়ণপুৰৰ শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ চৌহদত ৪৪.৮৬ বিঘাৰ ক্ষেত্ৰ পৰিসৰত ৫৩.৫৬ কোটি টকা ব্যয়ৰে শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰত সংগ্রহালয়, অতিথিশালা, ৭০০ আসনযুক্ত প্রেক্ষাগৃহ, দক্ষিণ হাটীত ভকতগৃহ নামঘৰ আৰু আতা গৃহ, কাৰ্যালয়, নিৰাপত্তাৰক্ষীৰ কাৰ্যালয়, পশ্চিম হাটীত সংগ্ৰহালয়, চৌহদৰ লগতে জলাশয়ৰ উন্নীতকৰণ, গাড়ী পার্কিঙৰ সুব্যৱস্থা, চিচিটিভিৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা, সমগ্ৰ চৌহদত সংগীতৰ ব্যৱস্থা, শিশু উদ্যান, পাণ্ডুলিপি ভৱনৰ উন্নীতকৰণ, জলপান গৃহ, মুকলি প্রেক্ষাগৃহ (অপেন এয়াৰ থিয়েটাৰ) আৰু প্রসাধন কক্ষ, কলাকৃষ্টি কেন্দ্ৰ, মণিকূট আৰু সত্ৰাধিকাৰৰ বাসভৱনৰ উন্নীতকৰণ আদিৰ ব্যৱস্থা কৰা হৈছে।

এই আনুষ্ঠানিক উদ্বোধন কাৰ্যসূচীৰ পিছত মুখ্যমন্ত্রী ড° শৰ্মাই শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ চৌহদ পৰিদৰ্শন কৰি কলাক্ষেত্ৰৰ পৰিসৰতে থকা নামঘৰত সেৱা আগবঢ়াই ৰাজ্য তথা ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰে। তেওঁ লগতে কলাক্ষেত্ৰ চৌহদত এটা বৰ্হমথুৰিৰ পুলি ৰোপণ কৰে আৰু পুখুৰীত মাছৰ পোনাও মেলি দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আধ্যাত্মিক তথা সাংস্কৃতিকভাৱে সমৃদ্ধ যিসমূহ ঠাইৰ নাম আমাৰ মনলৈ থাওকতে আহে সেই ঠাইসমূহৰ ভিতৰত নাৰায়ণপুৰ অন্যতম। বৰপেটা, কমলাবাৰী, আউনীআটী, কুৰুৱাবাহী, গড়মূৰ, দক্ষিণপাট, বিষ্ণুৱালিকুছি, নাহৰআটী, বদলা, আঁহতগুৰি আদি সত্ৰসমূহৰ প্ৰতিষ্ঠাপক হিচাপে আছিল একো একোজন এই অঞ্চলৰ সুসন্তান। এয়া নাৰায়ণপুৰবাসীৰ বাবে গৌৰৱৰ কথা। মুখ্যমন্ত্রীয়ে কয় যে জগতত প্ৰচলিত সকলো ধৰ্মৰ উদ্দেশ্য হ’ল পৰম ব্ৰহ্মৰ অন্বেষণৰ জৰিয়তে মানৱ মুক্তিৰ পথ প্রশস্ত কৰা। বৈষ্ণৱ ভক্তি আন্দোলনৰ তত্ব অনুসৰি বিষ্ণু বা কৃষ্ণক উপাসনা কৰিলেই জীৱই মুক্তি লাভ কৰিব পাৰে, আন দেৱ-দেৱীক উপাসনা কৰাৰ কোনো প্রয়োজন নাই। এনে এক বৈষ্ণৱ ভক্তিবাদৰ প্ৰথম আৱিৰ্ভাব হৈছিল খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰ ভিতৰত দক্ষিণ ভাৰতৰ তামিল প্ৰদেশত। এই দৰ্শনৰ প্ৰৱৰ্তক সকলক আলোৱাৰ বুলি কোৱা হয় । তামিল প্ৰদেশত এই আলোৱাৰসকলে প্রথম ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বৈষ্ণৱ ধৰ্মৰ ইতিহাস অতি প্রাচীন। তামিল প্ৰদেশত আৰম্ভ হোৱা ভক্তি আন্দোলনে নৱম শতিকাৰ পৰা পঞ্চদশ শতিকালৈ সমগ্ৰ ভাৰতবৰ্ষ ধৰ্মৰ পৱিত্ৰ বাক্যৰে পৱিত্ৰ কৰি তুলিছিল। ড° শৰ্মাই মন্তব্য কৰে যে সেই সময়ত অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। শংকৰদেৱৰ জন্ম অসমৰ ধৰ্ম-ভাষা-সাহিত্য-সংস্কৃতিৰ দিশত এক যুগান্তকাৰী ঘটনা। তেওঁ কয় যে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি আন্দোলনৰ শক্তিশালী ভেটি নিৰ্মাণ কৰাত কেইবাগৰাকী মহাপুৰুষে তেৰাক সহযোগ কৰিছিল তাৰ মাজত এই ভক্তি আন্দোলনৰ অন্যতম চালিকা শক্তি হিচাপে আধ্যাত্মিক নৱজাগৰণৰ প্ৰৱৰ্ত্তাৰ ৰূপত অৱতীৰ্ণ হৈছিল মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শনসমূহক তুলি ধৰাৰ বাবে বৌদ্ধিক আৰু সাংস্কৃতিক দিশত দি যোৱা অৰিহণাসমূহ আজি অসমীয়া জাতিৰ অমূল্য সম্পদলৈ ৰূপান্তৰিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগ আছিল অসমৰ আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক আৰু বৌদ্ধিক দিশৰ বাবে এক যুগান্তকাৰী ঘটনা। মহাপুৰুষ মাধৱদেৱৰ সমগ্ৰ জীৱন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে পৰিচালিত হৈছিল। মহাপুৰুষ মাধৱদেৱ আছিল অদ্বিতীয় গুৰুৰ এগৰাকী অদ্বিতীয় শিষ্য।

শ্রীশ্রীমাধৱদেৱ কলাক্ষেত্ৰ আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই তেওঁৰ অন্তৰ আধ্যাত্মিক পৱিত্ৰতাৰে পূৰ্ণ হৈ পৰিছে বুলি মন্তব্য কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে আগন্তুক দিনত এই কলাক্ষেত্ৰখন দেশৰ আগশাৰীৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিব। শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰত ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন দৰ্শন আলোকপাত কৰি শব্দ আৰু আলোকৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। তেওঁ লগতে কয় যে শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ৰ নিৰ্মাণসমূহ সম্পূৰ্ণ হৈ উঠাৰ পিছত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দৰেই অসমৰ আধ্যাত্মিক আকাশত উজলি উঠিব বুলিও তেওঁ মন্তব্য কৰে ।

এই ৰাজহুৱা সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিগত দুটা বছৰৰ প্ৰতিটো মুহূৰ্ত অসমৰ জনজীৱনৰ বিকাশ আৰু উন্নয়নৰ বাবে চৰকাৰে আত্মোৎসৰ্গা কৰিছে। যোৱা দুটা বছৰৰ প্ৰাপ্তিৰ সমলসমূহে গৌৰৱৰ বহু মুহূর্ত আনি দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে গীনিজ বৰ্ল্ড ৰেকৰ্ডত বিহুৰ অন্তৰ্ভুক্তি, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন, ১ লাখ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন, অৰুণোদয়ৰ দৰে দৰিদ্ৰ হিতৈষী কাৰ্যসূচী, মিছন বসুন্ধৰা, ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ হোৱা চিকিৎসা মহাবিদ্যালয়, চাংসাৰিত এইমছ নিৰ্মাণ আদিয়ে বিগত দুটা বছৰৰ সফল যাত্রাকে প্রতিফলিত কৰে। ‘আমাৰ আকাশ চুৱা মন আছে আৰু অসমক বিশ্বৰ এক জ্যোতিষ্মান ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে হেঁপাহ আছে’ বুলি মন্তব্য কৰি তেওঁ আগন্তুক তিনিটা বছৰত বিকাশৰ যাত্ৰা অব্যাহত ৰাখি অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্পত ৰাজ্য চৰকাৰখনে যাতে আগুৱাই যাব পাৰে তাৰ বাবে জনসাধাৰণৰ পৰা আশীৰ্বাদ কামনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক আকাশত উজলাই তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু বিশ্ববিদ্যালয়খনৰ ভৱন আদি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে দুটা পৰ্যায়ত ১৫০ কোটি টকা ব্যয় কৰিব। উল্লেখ্য যে আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। ৫৫ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পত ৬০ কোটি টকা ব্যয় হ’ব।

মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ১.৯৪ কোটি টকা ব্যয় সাপেক্ষে পলিটেকনিক (বিহপুৰীয়া) প্ৰতিষ্ঠানৰ কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰৰ উন্নীতকৰণ, ৭১.৫৫ কোটি টকা ব্যয় সাপেক্ষে গহপুৰৰ পৰা ঘাগৰাবস্তি হৈ ধলপুৰ পথৰ উন্নীতকৰণ, প্ৰথম পৰ্যায় (কোকছাবাৰীৰ পৰা হাৱাজান শাখা), ১০.৭৫ কোটি টকা ব্যয় সাপেক্ষে পিছলা ক্রীড়া সন্থাৰ খেলপথাৰ (মিনি ষ্টেডিয়াম), হাৰমতি, শিমলুগুৰি, বঙালমৰা আৰু বিহপুৰীয়াত বিদ্যুৎ উপকেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা বুলি ঘোষণা কৰে। তদুপৰি তেওঁ আজিৰ অনুষ্ঠানতে ৪.৯৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দেউৰী জনজাতীয় সাংস্কৃতিক প্রকল্প, ৩.১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বানপীড়িত লোকসকলৰ বাবে বহুমুখী আশ্রয় শিবিৰ, (বাহগড়া), ৮.৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ জৰাবাৰীৰ পৰা শিৱসাগৰীয়া গাঁও, কছাৰী পথাৰ আৰু ষাড়জান হৈ বিহপুৰীয়া জৱাহৰ নবোদয় বিদ্যালয় সংযোগী পথৰ উন্নীতকৰণৰ কাম আৰু ১০.২৪ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ এফ চি আই গুদামৰ পৰা তাতিবাহাৰ ৰে’লৱে ষ্টেচন হৈ অসম অৰুণাচল সীমান্ত সংযোগী পথ উন্নীতকৰণৰ কাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰা এই সভাত স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞা, সাংসদ পল্লৱ লোচন দাস, মন্ত্রী বিমল বড়া আৰু অতুল বৰায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, পদাধিকাৰৰ উপৰি সাংসদ প্ৰদান বৰুৱা, বিধায়ক ৰঞ্জিত দত্ত, নৱ কুমাৰ দলে, মানৱ ডেকা, উৎপল বৰা, প্রমোদ বৰঠাকুৰ, প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব বি কল্যাণ চক্ৰৱৰ্তী আদিকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.