নতুন ৰূপত গুৱাহাটীৰ নেহৰু উদ্যান

অসমৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে চৰকাৰে অধিক নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিব : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া আয়োজিত এক অনুষ্ঠানত পুনৰ নিৰ্মাণ কৰা গুৱাহাটীৰ নেহৰু উদ্যানখন ৰাইজৰ বাবে উৎসর্গা কৰে। উল্লেখ্য যে জলাশয়, শিশুৰ ওমলা এলেকা ইত্যাদি সংযোজনেৰে প্ৰায় ২৪১২.০ বর্গফুট পৰিসৰত ১১৬৮ ৪৬ লাখ টকা প্ৰকল্প ব্যয়ৰে নেহৰু উদ্যান নামৰ গুৱাহাটীৰ আটাইতকৈ পুৰণি উদ্যানখনৰ পুনৰ নিৰ্মাণ কৰা হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সেউজীয়া আৰু মুকলি স্থান প্ৰদান কৰি মহানগৰবাসীৰ জীৱন প্ৰণালীত স্বচ্ছন্দতা প্ৰদান কৰিব বিচাৰিছে। সেইবাবে সমগ্ৰ মহানগৰখনক সামৰি ৰাজ্য চৰকাৰে সেউজ পৰিবেশ বৃদ্ধিৰ বাবে ধাৰাবাহিক পদক্ষেপ গ্রহণ কৰিছে।

পাণবজাৰত পুনৰ নিৰ্মাণ কৰা নেহৰু উদ্যানখনৰ সা-সুবিধা বৃদ্ধি কৰাটো মহানগৰবাসীৰ জীৱন- যাপনৰ গুণগত মান বৃদ্ধিত এক নতুন সংযোজন হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, জলাশয় আৰু নতুনকৈ সজাই তোলা শিশুৰ খেলপথাৰৰ সংযোজনে প্রাপ্ত বয়স্কসকলৰ লগতে শিশুসকলকো জিৰণি আৰু আমোদ দিব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে মহানগৰখনক আটকধুনীয়া কৰি তোলাৰ বাবে অধিক বাট-পথ নিৰ্মাণৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে মহানগৰীৰ ছাঁট লাইটৰ বাবে অসম চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ মাজত ৪৯ শতাংশ আৰু ৫১ শতাংশ অংশীদাৰীত্বৰে এটা ইউটিলিটি কোম্পানীৰ আৰ্হি প্ৰস্তুত কৰা হ’ব। অহা মাহত মহানগৰবাসীক ২০ হাজাৰ পানী সংযোগ প্ৰদানৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ লগতে কয় যে আগন্তুক সময়ত ৰাজ্য চৰকাৰে অসমৰ সামগ্রিক উন্নয়নৰ বাবে অধিক নির্ণায়ক পদক্ষেপ গ্রহণ কৰিব।

এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলেও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত সাংসদ কুইন ওজা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...