আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হ’ল অধিৰাজ কাশ্যপ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’

জাৰ্মানীৰ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ল অধিৰাজ কাশ্যপ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’। অধিৰাজ কাশ্যপৰ দ্বাৰা পৰিচালিত ছবিখনত মহাৰাষ্ট্ৰৰ এখন আদিবাসী অধ্যুষিত গাঁৱত কিদৰে জাতিভেদ প্রথা শিপাই আছে আৰু তাৰ বাসিন্দাসকলে কেনেকৈ তাৰ মাজত নিজৰ ঐতিহ্যক ধৰি ৰাখিছে সেই বিষয়ে উপস্থাপন কৰা হৈছে। ২৯ এপ্ৰিল তাৰিখে জাৰ্মানীৰ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন হয় অধিৰাজ কাশ্যপৰ ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’ শীৰ্ষক চুটি ছবিখন। ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই চলচ্চিত্ৰ মহোৎসৱখনিৰ সামৰণি পৰে ১ মে’ত।

ইয়াৰ পূৰ্বেও ২০১৮ চনত ‘ব্রোকেন স্পেক্টৰ’ নামৰ এখন তথ্যচিত্ৰ অধিৰাজে নিৰ্মাণ কৰি উলিয়াইছিল। এই তথ্য চিত্ৰখনত পৱিত্ৰ ৰাভাৰ ‘দাপোন দ্য মিৰৰ’ নামৰ শিল্পীৰ দলটোৰ কাম-কাজক উপস্থাপন কৰা হৈছিল। এই তথ্যচিত্ৰখনেও দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিছিল লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা বুটলিবলৈ সক্ষম হৈছিল ।

চিত্ৰ পৰিচালনাৰ বাহিৰেও অধিৰাজে ইংৰাজী আৰু অসমীয়া সাহিত্যৰো চৰ্চা কৰি আহিছে। জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ বিয়োগৰ পিছত তেওঁৰ ৮টা কবিতাৰ ইংৰাজী অনুবাদ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে। অধিৰাজ পৰিচালিত ‘ইন দ্য লেপ অফ দ্য মাউন্টেইন’ শীৰ্ষক চুটি ছবিখনৰ কেমেৰাৰ দায়িত্বত আছে ছেজল কোঠাৰী, সম্পাদনাৰ দায়িত্বত আছে সোমপ্রকাশ চাহু আৰু শব্দত আছে স্নেহা সুন্দৰ। তৰুণ পৰিচালক অধিৰাজ কাশ্যপৰ এই সফলতাই চলচ্চিত্ৰৰ সৈতে জড়িত সকলোৰে লগতে ৰাজ্যবাসীক আনন্দিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...