বুল্লিবাঈ এপৰ ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক কলেজৰ পৰা নিলম্বন, ১০ জানুৱাৰীলৈকে দিল্লী আৰক্ষীৰ জিম্মাত

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে বিতৰ্কিত ‘বুল্লিবাঈ’ এপ গোচৰত গ্ৰেপ্তাৰ কৰিছে অসমৰ এজন যুৱকক। দিল্লী আৰক্ষীয়ে দাবী কৰা অনুসৰি অসমৰ ২০ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰজনে আছিল মূল মাষ্টাৰমাইণ্ড। যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা অসমৰ যুৱকজন ২১ বছৰীয়া নীৰজ বিষ্ণৈ।


নীৰজে ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীত কম্পিউটাৰ বিষয়ত অধ্যয়ন কৰি আছে। দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচন ইউনিটৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত ভিআইটিয়ে নীৰজক নিলম্বন কৰিছে।


বৃহস্পতিবাৰেহে দিল্লী আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত ১০ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আদালতে আৰক্ষীক বুল্লিবাঈ এপ গোচৰত অনুসন্ধান কৰিবলৈ অনুমতি দিয়ে।
আৰক্ষীয়ে নীৰজক বুলি বাই এপৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে। এপটোৱে মুছলমান মহিলাসকলক লক্ষ্য কৰি আছিল আৰু নিলাম কৰাৰো অভিযোগ। ইতিমধ্যে এই গোচৰটোৰে জড়িতৰ সন্দেহত উত্তৰাখণ্ডৰ শ্বেতা সিং, বেংগালুৰুৰ বিশাল ঝা আৰু মায়াংক ৰাৱাল নামৰ আন ৩জনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।


প্ৰকাশিত খবৰ অনুসৰি দিল্লী আৰু মুম্বাই আৰক্ষীয়ে নীৰজক ধৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু মুম্বাই আৰক্ষী যোৰহাটত উপস্থিত হোৱাৰ এঘণ্টা পূৰ্বে দিল্লীৰ দলটো উপস্থিত হৈছিল আৰু অভিযুক্ত নীৰজক দিল্লীলৈ লৈ গৈছিল। চাইবাৰ চেলৰ বিষয়াসকলে এই সন্দৰ্ভত দিল্লী আৰক্ষী বিষয়াৰ সৈতে কথা পাতিছে। দুয়োটা দলে ইজনে সিজনৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। দিল্লী আৰক্ষীৰ বিশেষ IFSO দলে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশজুৰি খলকনিৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...