শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ
বাম হৈ আহিছে উপনৈসমূহো
ওপঙি আহিছে মৰা মাছ
মাজুলী, ঢকুৱাখনা, কামৰূপত ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে লুইত!

চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰত কালিকা লাগিছে! অস্বাভাৱিকভাৱে শুকাই আহিছে ব্ৰহ্মপুত্ৰৰ বক্ষ। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। শদিয়াৰ পৰা ধুবুৰীলৈ একেই হাৰত কমিছে লুইতৰ জলস্তৰ। লাখ-লাখ নৈপৰীয়াৰ জীৱন-জীৱিকালৈ ভাবুকি নামি আহিছে। দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ উদ্বেগজনকভাবে হ্রাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

নৈপৰীয়া সভ্যতাক কঁপাই তুলিছে কোনে?
আঁৰত আছে নেকি ৰঙা চীনৰ কু-চক্ৰান্ত?

এইয়া ঢকুৱাখনাৰ দৃশ্য। কাহানিও কোনেও নেদখা এক পৰিৱেশৰ সৃষ্টি হৈছে ঢকুৱাখনাত। শুকান বালিচৰৰ মাজত যেন হেৰাই গৈছে চিৰ প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী। জলস্তৰ হ্ৰাস হোৱাত দিচাং-টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত সৃষ্টি হৈছে সমস্যাৰ। স্থানীয় লোকৰ মতে শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বাবেই ক্ৰমাৎ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

মাজুলীতো শুকাইছে লুইত। নামনি সোৱণশিৰিত বৃহৎ নদীবান্ধৰ ভয়াৱহতা সন্দৰ্ভতো এখন স্পষ্ট ছবি অলপতে দেখিছে অসমৰ জনসাধাৰণে। কিদৰে শুকাই গৈছিল চিৰ প্ৰৱাহমান সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ মাজত আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিয়ে কঢ়িয়াই ফুৰে লুইতৰ বুকুলৈ বৈ যোৱা ১২ৰ পৰা ১৩ শতাংশ পানী। যাৰ বাবে এতিয়া শংকা নামি আহিছে ব্ৰহ্মপুত্ৰলৈ। প্ৰশ্ন উঠিছে ইয়াৰ আঁৰত আছে নেকি চীন। চীনত বৰ্তমান নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধৰ পৰা চীনে বছৰি ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে। ইয়াংচিকিয়াঙক ভেটা দি চীনে আৰম্ভ কৰিছে এই বৃহৎ নদীবান্ধ। এই নদীবান্ধ সম্পূৰ্ণ হ’লে ব্ৰহ্মপুত্ৰৰ উপকূলত দেখা দিব তীব্ৰ জলসংকটে। সেইবাবে আন্তৰ্জাতিক পৰিৱেশ বিজ্ঞানীসকলে এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত চীনে পুনৰবাৰ চিন্তা কৰা উচিত বুলি মন্তব্য কৰিছে। যদিহে চীনৰ এই অভিপ্ৰায় সঁচা হয়, তেন্তে অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰই দেখিব আৰু বহু ভয়ানক সময়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...