গুৱাহাটীত ‘বি-ষ্ট্ৰেণ্ডছ’ স্পাত সাংবাদিকৰূপী ব্লেকমেইলাৰ

চান্দমাৰী আৰক্ষীৰ জালত পৰিছে গুৱাহাটীৰ ‘স্পা’ত ব্লেকমেইল কৰা গেঙৰ অভিযুক্ত। চি চি কেমেৰাৰ দৃশ্য পৰীক্ষা কৰি ১৪ অভিযুক্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। ‘স্পা’খনৰ ভিতৰত সংলগ্ন চিচি কেমেৰাত বন্দী হৈছে ১৪ জনীয়া ব্লেকমেইলাৰ গেঙৰ গতিবিধিৰ সকলো দৃশ্য। বুধবাৰে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকোতেই ব্লেকমেইলাৰ গেঙৰ সদস্য ৰুমী নায়কক গ্ৰেপ্তাৰ কৰে চান্দমাৰী আৰক্ষীয়ে। দলটোত থকা বাবুল আনচাৰী, চিন্টু আলী, অমৰজ্যোতি ডেকা, ৰুবুল বৰ্মনক বিচাৰি মাৰাথন অভিযান অব্যাহত আছে আৰক্ষীৰ। ‘স্পা’ত কাম কৰি থকা এগৰাকী যুৱতীক নগ্ন কৰি মোবাইলত ভিডিঅ’ কৰি স্বত্বাধিকাৰীক ব্লেকমেইল কৰিছিল দলটোৱে।

ব্লেকমেইলাৰ গেঙৰ বিৰুদ্ধে আৰম্ভ আৰক্ষীৰ
কেমেৰাৰ সন্মুখতে গ্ৰেপ্তাৰ মহিলা অভিযু্ক্ত

ৰাজগড়ৰ ‘বি-ষ্ট্ৰেণ্ডছ’ স্পাৰ চিচি কেমেৰাত ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া বন্দী হোৱা এক দৃশ্য। বুধবাৰে জুৰোডৰ নীলমণি ফুকন পথত সাংবাদিকক স্পষ্টীকৰণ দি আছিল ৰুমী নায়কে। তেতিয়াই কেমেৰাৰ সন্মুখতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱতীগৰাকীক।

২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৰাজগড়ৰ ‘বি-ষ্ট্ৰেণ্ডছ’ স্পাত এটা DSLR কেমেৰা লৈ প্ৰৱেশ কৰিছিল ৰুমী নায়কে। স্পাখনৰ বাহিৰত সংলগ্ন চিচি কেমেৰাত বন্দী দৃশ্য এয়া। বুধবাৰে সন্ধিয়া সময় তেতিয়া ৫ বাজি ২৩ মিনিট। এজন এজনকৈ স্পাখনত প্ৰৱেশ কৰিছে ব্লেকমেইলাৰ গেঙৰ সদস্যই। ব্লেইকমেইলিঙৰ জৰিয়তে টকা ঘটাৰ আত্মবিশ্বাসেৰে এজন এজনকৈ সকলো সোমাই গৈছে স্পাখনত। ১০ মিনিটৰ পিছত অৰ্থাৎ ৫ বাজি ৩৬ মিনিটত স্পাৰ পৰা ওলাই আহিছিল ব্লেকমেইলাৰ গেং। গেঙৰ আটাইকেইজন পুৰুষ, একমাত্ৰ মহিলা সদস্য ৰুমী নায়ক। গ্ৰেপ্তাৰৰ পিছত ৰুমীৰ জিন্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও প’ৰ্টেলৰ I-CARD। মুকালমুৱাৰ ৰুমী থাকে গুৱাহাটীৰ ভাড়াঘৰত। আৰক্ষীৰ জেৰাত ৰুমীৰ মুখত একাধিক অভিযুক্তৰ নাম। হাজোৰ অমৰজ্যোতি ডেকা, ৰুবুল বৰ্মন, বাবুল আনছাৰী, চিন্তু আলী আৰু গুৱাহাটী বোন্দাৰ ফাৰুক আহমেদ। আৰক্ষীৰ হাতত ব্লেকমেইলাৰৰ ১৪ জনীয়া তালিকা। স্পাখনৰ ভিতৰত সংলগ্ন চিচি কেমেৰাত বন্দী দৃশ্য এয়া। বলীউডী চিনেমাৰ কায়দাৰে স্পাত ব্লেকমেইল কৰিছিল গেংটোৱে। অভিযোগ অনুসৰি স্পাত কৰ্মৰত এগৰাকী যুৱতীক নগ্ন হ’বলৈ বাধ্য কৰিছিল দলটোৱে। তাৰ পিছত মোবাইলত ৰেকৰ্ড কৰিছিল নগ্ন যুৱতীৰ ভিডিঅ’। সেই ভিডিঅ’ক বাতৰিৰ ৰূপ দিয়াৰ ভাবুকিৰে ৩ লাখ টকা দাবী কৰিছিল ব্লেকমেইলাৰ গেঙে। অৱশ্যে পিছত দাবী কৰা ধনৰ পৰিমাণ ১.৫০ লাখ টকালৈ হ্ৰাস পাইছিল।

স্বত্বাধিকাৰীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছিল চান্দমাৰী আৰক্ষীয়ে। ৬ টাকৈ জামিনবিহীন ধাৰাত ৰুজু হৈছিল গোচৰ।
অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা
অনাধিকাৰ প্ৰৱেশৰ ধাৰা
ধনদাবীৰ ধাৰা
যৌন নিৰ্যাতনৰ ধাৰা
বলপূৰ্বক মোবাইলত ভিডিঅ’ ৰেকৰ্ডিঙৰ ধাৰা
ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ ধাৰা

ৰুমী নায়কৰ জেৰাৰ পিছত সম্প্ৰতি আন অভিযুক্তসকলৰ সন্ধানতো চানমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে মাৰাথন অভিযান। ব্লেকমেইলাৰ গেঙৰ এই কাহিনী সমগ্ৰ ঘটনাৰ এটা ফাল। আনটো ফাল ৰাজগড়ৰ বিতৰ্কিত ‘বি-ষ্ট্ৰেণ্ডছ’ স্পাৰ। প্ৰশাসনৰ সকলো নীতি-নিয়ম মানি চলিছিলনে স্পাখনে? স্পাখনত সচাঁকৈয়ে চলিছিল নেকি দেহ ব্যৱসায়? কেনে ধৰণৰ তথ্যৰ ভিত্তিত ব্লেকমেইলাৰ সাংবাদিকে অভিযান চলাইছিল ‘বি-ষ্ট্ৰেণ্ডছ’ স্পাত? আৰক্ষীৰ তৰফৰ পৰা সেই বিষয়ৰো তদন্ত বিচাৰিছে সচেতন মহলে।

NKTV Digital
Author: NKTV Digital

332 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...