বিমান বন্দৰত ভোগালীৰ ৰং, চেলফি লোৱাত ব্যস্ত বিমানযাত্ৰী

ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ।

চাৰিওফালে ভোগালীৰ পৰিবেশ অনুসৰি বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা মেজিঘৰ দুটা দেখিবলৈ সাইলাখ অসমৰ পথাৰত সজা মেজিঘৰৰ দৰে।

মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বান বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে।

তাৰোপৰি ভোগালীৰ বিশেষ আকৰ্ষণ পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও দেখুওৱা হৈছে।

আকৰ্ষণীয় বিষয়টো হৈছে মেজিঘৰত কৃত্ৰিমভাবে জ্বলি থকা একুৰা জুইয়ে যাত্ৰীসকলৰ লগতে বিমানকোঠটোৰ সকলো কৰ্মচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে বিমানকোঠত এতিয়া ক’ভিড বিধি প্ৰয়োগ হৈ আছে যদিও বিভিন্ন বয়সৰ যাত্ৰীসকলে মেজি দুটাৰ সৈতে ফটো উঠা দেখা গৈছে ।

ব্যস্ততাৰ মাজতো পৰম্পৰা ধৰি ৰখাৰ চেষ্টা একাংশৰ। মেজি কাষত দেখা পাই বহু লোক হৈ পৰিল নষ্টালজিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...