বিমান বন্দৰত ভোগালীৰ ৰং, চেলফি লোৱাত ব্যস্ত বিমানযাত্ৰী

ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ।

চাৰিওফালে ভোগালীৰ পৰিবেশ অনুসৰি বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা মেজিঘৰ দুটা দেখিবলৈ সাইলাখ অসমৰ পথাৰত সজা মেজিঘৰৰ দৰে।

মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বান বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে।

তাৰোপৰি ভোগালীৰ বিশেষ আকৰ্ষণ পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও দেখুওৱা হৈছে।

আকৰ্ষণীয় বিষয়টো হৈছে মেজিঘৰত কৃত্ৰিমভাবে জ্বলি থকা একুৰা জুইয়ে যাত্ৰীসকলৰ লগতে বিমানকোঠটোৰ সকলো কৰ্মচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে বিমানকোঠত এতিয়া ক’ভিড বিধি প্ৰয়োগ হৈ আছে যদিও বিভিন্ন বয়সৰ যাত্ৰীসকলে মেজি দুটাৰ সৈতে ফটো উঠা দেখা গৈছে ।

ব্যস্ততাৰ মাজতো পৰম্পৰা ধৰি ৰখাৰ চেষ্টা একাংশৰ। মেজি কাষত দেখা পাই বহু লোক হৈ পৰিল নষ্টালজিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...