সংযুক্তা দত্তৰ মেখেলা চাদৰ পিন্ধি ৰেম্পত খোজ দিলে বলিউডৰ অভিনেত্ৰী ভাগ্যশ্ৰী

নব্বৈৰ দশকত “মেইনে প্যাৰ কিয়া” ছবিখনত নায়িকাৰ অভিনয়ৰে দেশে-বিদেশে আলোড়নৰ সৃষ্টি কৰা তথা বলিউডৰ সৌন্দৰ্যৰ ৰাণী হিচাপে জনপ্ৰিয় হৈ পৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে আজি বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ মেখেলা চাদৰ পিন্ধি খোজ দিলে ৰেম্পত । মুম্বাইত অনুষ্ঠিত ‘লেকমে’ ফেশ্বন শ্ব’ত অসমৰ চহকী ৰেচমী সূতাৰে পৰম্পৰাগত আৰু আধুনিকতাৰ আকৰ্ষণীয় সংমিশ্ৰণেৰে থলুৱা তাঁতশালত প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ডিজাইন ‘পলাশ’ শীৰ্ষক চাদৰ মেখেলা পিন্ধি ভাগ্যশ্ৰীয়ে ৰেম্পত দিয়া কেট ৱাক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে।

‘পলাশ’ ৰ কলাৰঙী মেখেলা চাদৰ যোৰে ৰেম্পত ভাগ্যশ্ৰীক পুনৰবাৰ সৌন্দৰ্যৰ ৰাণী হিচাপে উজলাই তোলে। “অসমৰ থলুৱা বস্ত্ৰসম্ভাৰক দুহাতৰ পৰশৰে প্ৰাণ দি অতি নিটোল ৰূপত তৈয়াৰ কৰা ৰেচমী মেখেলা চাদৰৰ স্ৰষ্টা ডিজাইনাৰ সংযুক্তা দত্তৰ সৈতে সংযুক্ত হৈ পাই নিজকে ধন্য মানিছো। অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কৰ্মক্ষেত্ৰৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্ৰয়াস নিঃসন্দেহে শলাগ লবলগীয়া। ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত যেন এই যাত্ৰা অধিক ফলপ্ৰসু হয়।” ৰেম্পত কেট ৱাক কৰাৰ পাছতে অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দৰ্ভত এনদৰে প্ৰশংসাত গদ গদ হৈ পৰে একালৰ বলিউদৰ সৌন্দৰ্য ৰাণী ৰূপে খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰীয়ে।

ইপিনে, ভাগ্যশ্ৰীয়ে তেওঁৰ ডিজাইনৰ মেখেলা চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰি সাম্প্ৰতিক বিশ্বৰ ফেশ্বন ডিজাইন জগতখনৰ অন্যতম ব্যস্ত ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই কয় “এয়াতো মোৰ বাবে অন্যতম সফল প্ৰাপ্তি। মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ “পলাশ”ৰ মেখেলা চাদৰ পিন্ধি লেকমী ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলিউডৰ সৌন্দৰ্য ৰাণী ভাগ্যশ্ৰী। ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ’ব পাৰে! এনে এখন বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বৰ্ণিল সুযোগ বুলি লগতে মন্তব্য কৰে ডিজাইনাৰ দত্তই ।


শাৰদীয় দুৰ্গাপূজা, দিপাৱলী আদি উৎসৱকালীন ঋতুৰ সৈতে সম্পৰ্ক ৰাখি প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ফেশ্বন ব্ৰেণ্ড হৈছে “পলাশ”। পৰম্পৰাগত ভাৰতীয় সাজ সজ্জাক আধুনিকতাৰ পৰশেৰে নানা ৰঙী ৰূপত প্ৰস্তুত কৰা হৈছে পলাশৰ অগতানুগতিক ৰেচমী বস্ত্ৰ সম্ভাৰ। ভাৰতীয় কৃষ্টি সংস্কৃতিৰ সৈতে নিভাঁজ সম্পৰ্ক ৰাখি ঘাইকৈ কমলা, ৰঙা, বেঙুণীয়া আৰু ক’লা ৰঙত সকলো ভাৰতীয়ৰে মন মুহিব পৰাটো সংযুক্তাৰ শেহতীয়া ব্ৰেণ্ড পলাশৰ মূল বৈশিষ্ট্য। প্ৰসংগক্ৰমৰ উল্লেখ কৰিব পাৰি যে অভিযন্তাৰ স্নাতক ডিগ্ৰীধাৰী তথা ৰাজ্য চৰকাৰৰ লোভনীয় চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ দৰে অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে।

সমান্তৰালভাৱে ডিজাইনাৰ সংযুক্তা দত্তই অসমৰ থলুৱা শিপিনীক দিছে আত্মনিৰ্ভৰশীলতাৰ এখন নিৰাপদ কৰ্মক্ষেত্ৰ। বলিউডৰ প্ৰখ্যাত-জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্তুত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই। একক অনন্য অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ অন্যতম প্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকতো ইতিমধ্যে অসম কন্যা সংযুক্তা দত্তই নিজৰ খ্যাতি সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...