উদ্বেগজনক প্ৰদূষণ : কি হ’ব লেহ লাডাখৰ ভবিষ্যত?

0 100

✒️ অচিন্ত্য শৰ্মা

ভাৰতৰ ভূস্বৰ্গত এতিয়া প্ৰদূষণৰ দানৱ। বৈষয়িক উন্নতি বনাম পাৰিবেশিক অধোগতিৰ সংঘাতত সৃষ্টি হৈছে এক প্ৰশ্নৰ। কি হ’ব লেহ লাডাখৰ ভবিষ্যত। সম্প্ৰতি এই প্ৰশ্ন প্ৰতিগৰাকী সচেতন পৰিবেশবিদৰেই মুখে মুখে। কাৰণ ভাৰতৰ সৰ্বাধিক পাৰিবেশিকভাবে সন্তুলিত এই অঞ্চলটোৰ পৰিবেশেই দ্ৰুতগতিত আগবাঢ়ি আহিছে গুৰুত্বৰ অসন্তুলনৰ দিশত। সমান্তৰালভাবে দেশৰ অন্যতম পৰিচ্ছন্ন অঞ্চলটো হ’ব ধৰিছে তীব্ৰগতিত আবৰ্জনাময়। আৰু ইয়াৰ মূল কাৰণ হৈছে বৰ্দ্ধিত পৰ্যটন। জম্বু-কাশ্মীৰৰ পৰা পৃথক কৰি লাডাখক এক স্বতন্ত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে গঢ় দিয়াৰ লগে লগে সুৰক্ষাজনিত দিশৰপৰা অঞ্চলটোৰ পৰিবেশ হৈ উঠিছে বহুখিনি মুকলি আৰু পৰ্যটন অনূকুল। সোণত সুনগা চৰাই নতুন কৈ মুকলি হোৱা অটল টানেলে লাডাখযাত্ৰা কৰি তুলিছে যিকোনো বতৰ আৰু যিকোনো খাতুতে সম্ভৱ তথা সুবিধাজনক। সেয়েহে লাডাখলৈ বাঢ়িছে পৰ্যটকৰ সোঁত। শেহতীয়া পৰিসংখ্যা অনুসৰি এইবছৰৰ গ্ৰীষ্ম কালত, জুন আৰু জুলাই মাহৰ ভিতৰত লাডাখৰ অকল লেহ চহৰলৈকে প্ৰায় আঢ়ৈ লাখ পৰ্যটকৰ বাবে আগমণ ঘটিছে। এই সংখ্যা চহৰখনৰ স্থায়ী বাসিন্দাৰ সংখ্যাতকৈ আঠ গুণ বেছি। আনহাতে অটল টানেলে লাডাখ আগমণৰ ক্ষেত্ৰত থকা পূৰ্বৰ বতৰ আৰু খাতুজনিত বাধাসমূহ দূৰ কৰাৰ লগে লগে এতিয়া লাডাখ পৰ্যটকেৰে গিজগিজাই থকা হৈছে বছৰৰ প্ৰতিটো দিনতে। লাডাখৰ পৰ্যটক উদ্যোগৰ ক্ষেত্ৰত ঘটা এনে বিস্ফোৰণে নি:সন্দেহে অঞ্চলটোৰ অৰ্থনীতিৰ দ্ৰুতি ত্বৰাণ্বিত কৰিছে। পৰ্যটন উদ্যোগৰ এই বিকাশৰ হাত ধৰি বিকশিত হৈছে অঞ্চলটোৰ পৰিবহণৰ উদ্যোগ, হোটেল আৰু অন্যধৰণৰ হস্পিটেলিটি উদ্যোগ, বজাৰ আৰু সংশ্লিষ্ট অন্যান্য সেৱাসমূহৰ। অঞ্চলটোৰ মানুহৰ নিয়োগ বাঢ়িছে, আয় বাঢ়িছে। পিচে ইয়াৰ সমান্তৰালভাবে বাঢ়িছে প্ৰদূষণ আৰু আৰ্বজনাৰ দমো।

পৰিবেশবিদসকলৰ অভিযোগ অনুসৰি এইটো বৰ্ষৰ আগষ্টলৈকে অকল অটল টানেলেৰেই লাডাখত প্ৰায় আঠলাখ যানবাহনে প্ৰবেশ কৰিছে। এই বিপুল সংখ্যক যানবাহনৰ এনে প্ৰবেশে অঞ্চলটোৰ বাযু প্ৰদূষণৰ মাত্ৰা বঢ়াই তুলিছে অভাবনীয়ভাবে। পৰ্যটনৰ বৰ্দ্ধিত মাত্ৰাৰ লগত সংগতি ৰাখি অঞ্চলটোত চলিছে তীব্ৰ গতিত নিৰ্মাণ কাৰ্য। বিগত ছটা বছৰৰ ভিতৰত লাডাখত হোটেল-লজৰ বিছনাৰ সংখ্যা প্ৰায় ৭০ শতাংশ আৰু ৰেস্তোৰাত প্ৰায় ১৫০ শতাংশ বৃদ্ধি পাইছে। সমান্তৰালভাবে বৃদ্ধি পাইছে পানীৰ ব্যৱহাৰো। এসময়ত পাহাৰীয়া জান-জুৰিৰ পানীৰেই চলি যোৱা লাডাখবাসীয়ে এতিয়া পৰ্যটকৰ চাহিদা পূৰাবলৈ ব্যাপকভাবে আহৰণ কৰিব লগা হৈছে ভূ-গৰ্ভৰ পানী। যাৰ ফলত অঞ্চলটোৰ জলসম্পদো আগবাঢ়িছে সংকটৰ দিশে। সকলোতকৈ উদ্বেগজনক বিষয়টো হৈছে অঞ্চলটোৰ আবৰ্জনা ব্যৱস্থাপনা। শেহতীয়া পৰিসংখ্যা অনুসৰি লাডাখত দৈনিক এতিয়া অকল পেলনীয়া প্লাষ্টিকৰ বটলেই ওলায় ৩০ হাজাৰকৈ। তদুপৰি আছে অন্যান্য প্লাষ্টিক আৰু অন্য ধৰণৰ কঠিন আবৰ্জনা। অথচ অঞ্চলটোত এতিয়াও গঢ় লৈ উঠা নাই উপযুক্ত আবৰ্জনা ব্যৱস্থাপনা প্ৰণালী। সেয়ে ভাৰতৰ সৰ্বাধিক পৰিচ্ছন্ন অঞ্চলটো হ’বলৈ আগবাঢ়িছে সৰ্বাধিক পূতিগন্ধময় অঞ্চল। আৰু হয়তো এনেদৰেই বিকাশৰ হাত ধৰি এক প্ৰকাৰ বিনাশ আহিছে লাডাখৰ বাবে।

Leave A Reply

Your email address will not be published.