নতুন দায়িত্বত অসমৰ জ্যেষ্ঠ IPS বিষয়া সংযুক্তা পৰাশৰ। Commando Battalion for Resolute Action (CoBRA) বাহিনীৰ মহাপৰিদৰ্শক (IG) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ২০০৬ বেটচৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়াগৰাকীয়ে। এই নিযুক্তিৰ জৰিয়তে CoBRAৰ ১০টা বেটেলিয়নৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে সংযুক্তা পৰাশৰ।
CRPFৰ শীৰ্ষ পদত যিহেতু নিয়ম অনুসৰি IPS বিষয়াক নিযুক্তি দিয়া হয়, সেই অনুসৰি সঞ্চালক প্ৰধান পদত আছে ৰাজ্যৰ প্ৰাক্তন ডিজিপি জি পি সিং। ২০২৩ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰা DGPগৰাকীক ২০২৫ৰ ৩০ জানুৱাৰীত চিআৰপিএফ-ৰ সৰ্বোচ্চ দায়িত্ব প্ৰদান কৰা হয়। ২০২৭ চনৰ নৱেম্বৰলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিব জি পি সিঙে। জি পি সিঙৰ নেতৃত্বধীন চিআৰপিএফ বাহিনীতে কেন্দ্ৰীয় ডেপুটেচনত নিযুক্ত হৈছে ২০০৬ বৰ্ষৰ অসম-মেঘালয় কেডাৰ সংযুক্তা পৰাশৰ।
SP হৈ থাকোঁতে শোণিতপুৰ আৰু আৰু ভৈৰৱকুণ্ডসহ অন্যান্য সংবেদনশীল জিলাসমূহত এছপি ৰূপে সফলতাৰে দায়িত্ব পালন কৰি দেশজুৰি চৰ্চিত হৈছিল। দুৰ্গম অঞ্চলত চিআৰপিএফ জোৱানসকলৰ কমাণ্ডো অপাৰেচন পৰিচালনাৰ গুৰুদায়িত্ব সফলতাৰে পালন কৰিছিল পৰাশৰে। ২০১৪ চনৰ ডিচেম্বৰ মাহত NDFB(ছংবিজিত) উগ্ৰপন্থীয়ে কৰা ভয়াৱহ নৰসংহাৰৰ পিছত সংযুক্তা পৰাশৰে সেনা আৰু চিআৰপিএফৰ সৈতে মিলি যৌথ অভিযানৰ নেতৃত্ব দিছিল। সংযুক্তাৰ কাৰ্যকালত প্ৰায় ১৬ জন শীৰ্ষ উগ্ৰপন্থী নিহত হৈছিল আৰু ৬৪ জনতকৈও অধিক উগ্ৰপন্থীক সজীৱে গ্ৰেপ্তাৰ কৰা হৈছিল। যোৰহাট আৰু শোণিতপুৰ জিলাত কৰ্তব্যৰত থকাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ সুৰক্ষাত বিশেষ ভূমিকা লৈছিল।
সংযুক্তা পৰাশৰে ২০২৪ চনত NIAৰ পৰা উভতি অহাৰ পিছত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা অৰ্থাৎ CIDৰ মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এই গুৰুত্বপূৰ্ণ পদত থাকি কেইবাটাও গুৰুতৰ অপৰাধমূলক গোচৰসমূহৰ তদন্ত আৰু চোৰাংচোৱাভিত্তিক অভিযানসমূহ তদাৰক কৰি আছিল। ঢকুৱাখনাৰ চৰ্চিত সুনীল গগৈ হত্যাকাণ্ডৰ তদন্তৰ কমাণ্ড নিজেই চম্ভালি লৈছিল।

জি পি সিঙৰ নেতৃত্বত CRPFত আমূল পৰিৱৰ্তন ঘটিছে। অসমত উগ্ৰপন্থী দমনৰ অভিজ্ঞতাৰে পুষ্ট জি পি সিঙে নক্সাল অধ্যুষিত অঞ্চলত মাল্টিডাইমেনচনেল পদক্ষেপ লৈছে। মিছন মাওবাদী-মুক্ত ভাৰত ২০২৬ ৰূপায়ণ কৰি আছে। চিআৰপিএফৰ কমাণ্ডো বেটেলিয়ন ‘কোব্ৰা’ (CoBRA) আৰু স্থানীয় আৰক্ষীৰ যৌথ সহযোগিতাত ঝাৰখণ্ড আৰু ছত্তীশগড়ৰ দৰে মাওবাদী অধ্যুষিত অঞ্চলত কেইবাটাও ঐতিহাসিক সফল অভিযান চলোৱা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি আৰু অসামৰিক অঞ্চলসমূহত সশস্ত্ৰ উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ তেওঁ দুটা অভিজাত কোব্ৰা বেটেলিয়ন মোতায়েন কৰে। নিয়মীয়াকৈ ব্যক্তিগতভাৱে জোৱান আৰু বিষয়া সাকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহ শুনে। ২০২৬ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি, লাভ কৰা মুঠ ৭,৪০০তকৈও অধিক আৱেদনৰ ভিতৰত প্ৰায় ৫,২৫০টা শুনানি নিজে গ্ৰহণ কৰিছে। অসমৰ জোৱানসকলৰ সৈতে নিয়মীয়াকৈ অসমীয়াত কথা পাতি সমস্যাৰ বুজ লৈ আহিছে। অভিযানৰ সময়তো নিজে কাষত থাকি সাহস দি আহিছে। ধাৰাবাহিকভাৱে প্ৰতিমাহে অৱসৰ গ্ৰহণ কৰা চিআৰপিএফৰ প্ৰতিগৰাকী কৰ্মচাৰীৰে ১০০% ‘পেঞ্চন পেমেণ্ট অৰ্ডাৰ’ প্ৰদান কৰি জি পি সিঙে একপ্ৰকাৰ অভিলেখ গঢ়িছে। অসমৰ শ্বহীদ জোৱানক সাহস দিবলৈ নিজে কেইবাবাৰো অসমলৈ আহিছে।

দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ৰ শীৰ্ষ নেতৃত্বত অসম-মেঘালয় কেডাৰত সংযুক্তা পৰাশৰৰ উপস্থিতি ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ বিষয়।
