ভাৰত চৰকাৰৰ কঠোৰ তৎপৰতাৰ মাজতে শিশুৰ সুৰক্ষা সম্পৰ্কীয় গোচৰসমূহ পোনপটীয়াকৈ ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰ, চমুকৈ I4C-ৰ চাইবাৰ ক্ৰাইম প’ৰ্টেলত জনোৱাৰ সিদ্ধান্ত লৈছে মেটাই।
মেটাৰ এগৰাকী মুখপাত্ৰই কয় যে প্লেটফৰ্মত শিশুৰ সুৰক্ষা কোম্পানীটোৰ অন্যতম অগ্ৰাধিকাৰ। শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযুক্তসকলক আইনৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ সৈতে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে মেটাই।
I4C-ৰ চাইবাৰ ক্ৰাইম প’ৰ্টেলত পোনপটীয়াকৈ শিশুৰ সুৰক্ষা সম্পৰ্কীয় বিষয় জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা মেটাই হৈছে ভাৰতীয় আইন-শৃংখলা বাহিনীৰ সৈতে এনে পোনপটীয়া প্ৰতিবেদন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰথমটো বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান। বৰ্তমানলৈ মেটাই এনে গোচৰসমূহ আমেৰিকা ভিত্তিক National Center for Missing and Exploited Children-ক জনাই আহিছিল।
ইফালে, চৰকাৰী সূত্ৰই মেটাৰ সিদ্ধান্তক আদৰণি জনাই কয় যে এয়া শিশুৰ বাবে ছ’চিয়েল মিডিয়া অধিক সুৰক্ষিত কৰাৰ দিশত প্ৰথমটো পদক্ষেপ। কিন্তু এই ক্ষেত্ৰত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে।
ভাৰতত কাৰ্যকৰী হৈ থকা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে শিশুৰ অনলাইন সুৰক্ষা এক মৌলিক নীতি আৰু এই বিষয়ত কোনো আপোচ কৰা নহ’ব বুলি সকীয়াই দিছে কেন্দ্ৰই। শিশুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণ নকৰা প্লেটফৰ্মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চৰকাৰে স্পষ্ট কৰি দিছে।
শিশুৰ যৌন নিৰ্যাতনমূলক সমল আৰু ডীপফেককে আদি কৰি ক্ষতিকাৰক তথা বেআইনী অনলাইন সমলৰ বিৰুদ্ধে কেন্দ্ৰই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ ওপৰত অধিক নিৰীক্ষণ কৰা আৰম্ভ কৰিছে। ক্ষতিকাৰক সমল দ্ৰুতভাৱে আঁতৰোৱা আৰু শক্তিশালী সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ বাবেও প্লেটফৰ্মসমূহৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে চৰকাৰে।
উল্লেখযোগ্য যে শিশুৰ যৌন শোষণ আৰু নিৰ্যাতনমূলক সমল, অৰ্থাৎ CSEAM সম্পৰ্কীয় বিষয়ক লৈ মেটালৈ ইতিমধ্যে জাননী জাৰি কৰিছিল ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে। জুলাই মাহত ইনষ্টাগ্ৰামত CSEAM সম্পৰ্কীয় পেইড বিজ্ঞাপনৰ অভিযোগক লৈ মেটাৰ পৰা ব্যাখ্যা বিচৰা হৈছিল।
ইয়াৰ পাছতে মেটাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবালানি আলোচনা অনুষ্ঠিত হয়। এনে সমলে ভাৰতীয় আইন উলংঘন কৰে আৰু safe-harbour সুৰক্ষাৰ আওতাত এনে সমলক ৰেহাই দিব নোৱাৰি বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে।
ইফালে, চলিত মাহৰ আৰম্ভণিতে National Commission for Protection of Child Rights, চমুকৈ NCPCR-এ মেটা ইণ্ডিয়াৰ পৰিচালন সঞ্চালক আৰু মুৰব্বীক তলব কৰে। BBC Eye-ৰ এক প্ৰতিবেদনত মেটাৰ প্লেটফৰ্মত CSEAM সম্পৰ্কীয় বিজ্ঞাপনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে শিশু অধিকাৰ সংস্থাটোৱে স্বতঃপ্ৰণোদিতভাৱে বিষয়টো গ্ৰহণ কৰি মেটাৰ পৰা ব্যাখ্যা বিচাৰে।
