UPI লেনদেনক লৈ কেন্দ্ৰৰ স্পষ্টীকৰণ; ব্যক্তিগত UPI ব্যৱহাৰকাৰীৰ বাবে নাথাকিব কোনো মাচুল

ব্যক্তিৰ পৰা ব্যক্তিলৈ অৰ্থাৎ (Person-To-Person) P2P UPI লেনদেনত কোনো ধৰণৰ মাচুল নলয় চৰকাৰে। লেনদেনৰ পৰিমাণ যিমানেই নহওক কিয়, P2P UPI পেমেণ্ট বিনামূলীয়া হৈ থাকিব। ‘X’ত কৰা এটা পোষ্টত ভাৰতীয় বিত্ত বিভাগে এই কথা স্পষ্ট কৰে।

অৰ্থ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ২,০০০ টকালৈকে ব্যৱসায়ীক কৰা UPI পেমেণ্টতো কোনো মাচুল নাথাকিব। ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে শূন্য Merchant Discount Rate অৰ্থাৎ MDR ব্যৱস্থাৰ অধীনৰ লেনদেনসমূহো বিনামূলীয়া হৈ থাকিব।

মন্ত্ৰালয়ৰ মতে, ইয়াৰ ফলত ব্যক্তি-ব্যৱসায়ী অৰ্থাৎ P2M লেনদেনৰ প্ৰায় ৯৬ শতাংশই কোনো প্ৰভাৱৰ সন্মুখীন নহ’ব। কেৱল ২,০০০ টকাৰ ওপৰৰ নিৰ্দিষ্ট ব্যৱসায়ীক লেনদেনতহে MDR প্ৰযোজ্য হ’ব।

২,০০০ টকাৰ ওপৰৰ P2M লেনদেনত ০.৪ শতাংশ MDR আৰোপ কৰা হ’ব। আনহাতে, ৭৫,০০০ টকা বা তাতকৈ অধিক মূল্যৰ লেনদেনত প্ৰতিটো লেনদেনৰ MDR সৰ্বাধিক ৩০০ টকাত সীমাবদ্ধ থাকিব।

ইফালে, UPI এপ প্ৰদানকাৰীসকলক প্লেটফৰ্ম ফী বা গোপন মাচুল লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে, MDRৰ বোজা যাতে ব্যৱসায়ীসকলে গ্ৰাহকৰ ওপৰত জাপি নিদিয়ে, তাৰ বাবে বেংকসমূহক নিৰ্দেশ দিয়া হৈছে।

ক্ষুদ্ৰ ব্যৱসায়ীসকলে UPI QR ক’ডৰ জৰিয়তে প্ৰতিমাহে ১ লাখ টকালৈকে ধন গ্ৰহণ কৰিলে P2PM শ্ৰেণীৰ অধীনত সকলো লেনদেনত শূন্য MDRৰ সুবিধা লাভ কৰি থাকিব।

ৰে’লৱে, টেলিকম, বীমা, ইন্ধন আৰু কৃষি-উপকৰণ খণ্ডত ২,০০০ টকাৰ ওপৰৰ লেনদেনত প্ৰতিটো লেনদেনৰ বাবে ৫ টকাৰ নিৰ্দিষ্ট MDR প্ৰযোজ্য হ’ব।

চৰকাৰে স্পষ্ট কৰিছে যে ব্যক্তিগত UPI ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া লেনদেনৰ ক্ষেত্ৰত কোনো মাহেকীয়া কোটা, লেনদেনৰ পৰিমাণৰ সীমা বা স্তৰভিত্তিক সীমা নাথাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰৱ সাগৰত ভাৰতীয় নৌসেনা জাহাজৰ সৈতে পাক নৌসেনা জাহাজৰ সংঘৰ্ষ

আন্তঃৰাষ্ট্ৰীয় জলসীমাত ভাৰতীয় নৌসেনাৰ এখন জাহাজৰ সৈতে পাকিস্তানী নৌসেনাৰ...

কাইলৈৰ পৰা আৰম্ভ ‘জুবিন দিৱস’; প্ৰাণৰ শিল্পীৰ সোঁৱৰণীত ‘জুবিনক্ষেত্ৰ’ত কেনেদৰে চলিছে প্ৰস্তুতি?

সোণাপুৰৰ জুবিনক্ষেত্ৰত কাইলৈৰ পৰা তথা ১৭ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ...

ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’; উত্তৰাখণ্ডৰ আউলিত আৰম্ভ ২২ সংখ্যক সংস্কৰণৰ অনুশীলন

উত্তৰাখণ্ডৰ চামোলী জিলাৰ আউলিত আৰম্ভ হৈছে ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক...