পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ!

পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। বাংগালোৰত মৃত্যু নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ মৌচুমী শইকীয়া নামৰ যুৱতীগৰাকীৰ। আজি পুৱা ১০ মান বজাত বাংগালোৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক ফোন কৰি আত্মহত্যা কৰা বুলি খবৰ দিয়ে। নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ ৰঞ্জিত শইকীয়াৰ জ্যেষ্ঠ কন্যা আছিল মৌচুমী। বিগত ডেৰ বছৰ ধৰি অলট্ৰাচ নামৰ ব্যক্তিগত খণ্ডৰ এটা কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী। ইফালে পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃত্যুক সহজ ভাবে লব পৰা নাই। আত্মহত্যাৰ পৰিৱৰ্তে ই এক হত্যাকাণ্ডহে বুলিহে অভিহিত কৰিছে পৰিয়ালৰ লোকে। অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মৃতদেহটো ঘৰলৈ আনিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে পিতৃ ৰঞ্জিত শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...