দিল্লীত প্ৰবল ধুমুহা, বৃষ্টিপাত!

ৰাষ্ট্ৰীয় ৰাজধানীক্ষেত্ৰ দিল্লীক সোমবাৰে কোবাই যায় প্ৰবল ধুমুহা আৰু বৃষ্টিপাতে। পৰিণতিত সমগ্ৰ মহানগৰীখনতে ব্যাহত হৈ পৰে যানবাহনৰ চলাচল। ৰাজপথত বাগৰি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ধুমুহা, বৃষ্টিপাতৰ ফলত ব্যাহত হয় যাত্ৰীবাহী বিমানৰো চলাচল। ঘণ্টাত ৫০ৰ পৰা ৮০ কিলোমিটাৰ বেগত অহা এই ধুমুহাৰ তাণ্ডৱৰ ফলত মহানগৰীখনত বিদ্যুত সেৱাও ব্যাহত হৈ পৰে। অৱশ্যে ধুমুহা–বৰষুণৰ ফলত ৪৫ ডিগ্ৰীৰ পৰা ১৮ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পায় দিল্লীৰ তাপমাত্ৰা। ‍লক্ষ্যনীয়ভাৱে বিগত সময়ছোৱাত প্ৰচণ্ড গৰমে দহিছিল দিল্লীক। অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰাৰ ফলত ব্যাহত হৈ পৰিছিল জনজীৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...