আজি বিশ্ব কাছ দিৱস

২০০০ চনৰ পৰা প্ৰতিবছৰে ২৩ মে’ দিনটো বিশ্বজুৰি পালন কৰা হয় কাছ দিৱস হিচাপে। আমেৰিকান টৰ’টইজ ৰেচকিউ নামৰ এটা বন্যপ্ৰাণী উদ্ধাৰৰ লগত জড়িত সংস্থাৰ আহ্বান মৰ্মে পালন কৰি অহা হৈছে এই দিৱস‌টি।

কাছৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কত মানুহৰ মাজত সজাগতা সৃষ্টিয়েই এই দিৱসৰ মূল উদ্দেশ্যে। জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ৪২ টা প্ৰজাতিৰ কাছ। ইয়াৰে ভিতৰত ২০ টাতকৈ অধিক প্ৰজাতি দুষ্প্ৰাপ্য কাছ। অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত।

সেয়েহে কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈছে ভিন্ন প্ৰজাতিৰ কাছ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই কাছৰ বাবে বিশেষভাৱে চৰ্চিত। নদীৰ পাৰত থকা মৰা গছৰ ডালত কাছই ৰ’দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰে পৰ্যটকক‌। যাৰ বাবে এই ঠাইটুকুৰাই নাম পাইছে কাছমাৰী হিচাপে। সৰু-বৰ কাছবোৰৰ নান্দনিক দৃশ্যই যেন আপ্লুত কৰে প্ৰতিগৰাকী পৰ্যটকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...