আজি বিশ্ব কাছ দিৱস

২০০০ চনৰ পৰা প্ৰতিবছৰে ২৩ মে’ দিনটো বিশ্বজুৰি পালন কৰা হয় কাছ দিৱস হিচাপে। আমেৰিকান টৰ’টইজ ৰেচকিউ নামৰ এটা বন্যপ্ৰাণী উদ্ধাৰৰ লগত জড়িত সংস্থাৰ আহ্বান মৰ্মে পালন কৰি অহা হৈছে এই দিৱস‌টি।

কাছৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কত মানুহৰ মাজত সজাগতা সৃষ্টিয়েই এই দিৱসৰ মূল উদ্দেশ্যে। জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ৪২ টা প্ৰজাতিৰ কাছ। ইয়াৰে ভিতৰত ২০ টাতকৈ অধিক প্ৰজাতি দুষ্প্ৰাপ্য কাছ। অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত।

সেয়েহে কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈছে ভিন্ন প্ৰজাতিৰ কাছ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই কাছৰ বাবে বিশেষভাৱে চৰ্চিত। নদীৰ পাৰত থকা মৰা গছৰ ডালত কাছই ৰ’দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰে পৰ্যটকক‌। যাৰ বাবে এই ঠাইটুকুৰাই নাম পাইছে কাছমাৰী হিচাপে। সৰু-বৰ কাছবোৰৰ নান্দনিক দৃশ্যই যেন আপ্লুত কৰে প্ৰতিগৰাকী পৰ্যটকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...