দুটাকৈ শিতানত অসমে লাভ কৰিলে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ‘আৰোগ্য মন্থন’ শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিবিৰত অসমে আজি দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিলে।

আয়ুস্মান কাৰ্ড সৃষ্টি আৰু বিতৰণ দুয়োটা শিতানতে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে অসমে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিছে।


অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ সিদ্ধাৰ্থ সিং আৰু স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান সমিতিৰ উপমুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...