জীৱনত এবাৰহে স্নান কৰে এই জনজাতিৰ মহিলাসকলে

আজি আমি আপোনালোকক এনে এটা জনজাতিৰ বিষয়ে জনাম যিটো জনজাতিয়ে বছৰ বছৰ পুৰণি এটা পৰম্পৰা পালন কৰে। এই জনজাতিটো আছে আফ্ৰিকাত। যিটো জনজাতিয়ে পালন কৰা পৰম্পৰাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব।

পৃথিৱীত বহুতো জাতি-জনজাতিয়ে বাস কৰে। সকলো জাতিৰে বিভিন্ন ধৰণৰ নীতি-নিয়ম আছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে পৃথিৱীত এনে এটা জনজাতি আছে, যিটো জনজাতিৰ মহিলাসকলে জীৱনত কেৱল বিয়াৰ দিনাহে স্নান কৰে।

হয় ঠিকেই শুনিছে, আপুনি-মই বাস কৰা এইখন পৃথিৱীতে এনে এটা জনজাতি আছে যিটো জনজাতিৰ মহিলাসকলে কেৱল বিয়াৰ দিনাহে স্নান কৰে।

এই জনজাতিটোৰ নাম ‘হিম্বা’ হয়, এই জনজাতিয়ে ‘নামীবিয়া’ত বাস কৰে। এই জনজাতিটোৰ মুঠ আৱাসী প্ৰায় ৫০হাজাৰ। এই জনজাতিটোৰ ওপৰত বৰ্তমানলৈ বিজ্ঞানৰ কোনো প্ৰভাৱ পৰা নাই। এই জনজাতিটোৰ মাজত স্নান কৰাক লৈ আছে এক বিশেষ নিয়ম। এই জনজাতিৰ মহিলাসকলে তেওঁলোকৰ জীৱনত মাত্ৰ এবাৰেই স্নান কৰে। অৰ্থাত এই জনজাতিৰ মহিলাসকলে নিজৰ বিয়াৰ দিনাহে গা ধুৱে। এই জনজাতিৰ মহিলাসকলে নিজকে চাফা কৰি ৰাখিবলৈও এক বিশেষ পন্থা অৱলম্বন কৰে। তেওঁলোকে এজোপা বিশেষ ঔষধি গছ পানীত উতলাই আৰু তাৰ ভাপত নিজক চাফা কৰে যাৰ বাবে তেওঁলোকৰ শৰীৰৰ পৰা কোনো গোন্ধ বাহিৰ নহয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...