দুটাকৈ শিতানত অসমে লাভ কৰিলে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ‘আৰোগ্য মন্থন’ শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিবিৰত অসমে আজি দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিলে।

আয়ুস্মান কাৰ্ড সৃষ্টি আৰু বিতৰণ দুয়োটা শিতানতে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে অসমে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিছে।


অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ সিদ্ধাৰ্থ সিং আৰু স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান সমিতিৰ উপমুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...