দোষীক এতিয়াও চিনাক্ত কৰিব পৰা নাই গোলাঘাট আৰক্ষীয়ে

যোৱা ২ ছেপ্তেম্বৰত গোলাঘাটত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ ঘটনা। কৰ্মস্থলীৰ পৰা বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত ডাম্পাৰত অহা দুৰ্বৃত্তই কাটি দুছেও কৰিছিল এজন যুৱকৰ হাত। এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে ঘটনাটোত গুৰুত্ব নিদিয়াৰ অভিযোগ। ভুক্তোভোগী পৰিয়ালে ন্যায়ৰ আশাত সহায় বিচাৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। বিধায়কৰ টুইটৰ পাছতেই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

ডাম্পাৰত অহা দুৰ্বৃত্তই দুছেও কৰি থৈ গ’ল হাত
দোষীক এতিয়াও চিনাক্ত কৰিব পৰা নাই গোলাঘাট আৰক্ষীয়ে
ন্যায় বিচাৰি ভুক্তভোগী বিধায়ক মৃণাল শইকীয়াৰ কাষত

যোৱা ২ অক্টোবৰত গোলাঘাটত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ ঘটনা। গোলাঘাটৰ চিনাতলী অঞ্চলৰ অম্লানসু বৰা নিয়োজিত হৈ আছিল এম পি আগৰৱালাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পথ নিৰ্মাণৰ কামত। দিনটো কাম কৰি নিশা নিজৰ AS 05A 2134 নম্বৰৰ মটৰচাইকেলেৰে ঘৰলৈ উভটিছিল অম্লানসু। তেনে সময়তে ঢেকীয়াল মলিয়া গাঁও নাট্য মন্দিৰৰ সমীপত এখন ডাম্পাৰত অহা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে অম্লানসুৰ সোঁহাতখন দুছেও কৰি পলায়ন কৰে। প্ৰায় ৩০ মিটাৰ দূৰলৈ ওফৰি পৰে যুৱকজনৰ হাত। তাৰ পাছৰ পৰাই যুৱকজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন। ঘটনাৰ পাছতেই পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।

কিন্তু আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

ঘটনাৰ ২৩ দিন উকলি যোৱাৰ পাছতো কোনো সুদোত্তৰ নাপাই ভুক্তভোগী যুৱকৰ পিতৃ-মাতৃ কাষ চাপিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ। প্লাষ্টিকৰ হাত এখন লগাই লবলৈ কৈয়ে দায়িত্ব সামৰিছে আৰক্ষীয়ে। বিষয়টো আৰক্ষী অধীক্ষকক জনালে বিধায়ক মৃণাল শইকীয়াই। মৃণাল শইকীয়াৰ টুইটৰ পাছতেই আৰক্ষী সঞ্চালকপ্ৰধানক ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুক্তভোগী পৰিয়ালে বিচাৰিছে দোষীয়ে কঠোৰ শাস্তি পাওক। গোলাঘাটত ঘটি যোৱা এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতেই চাঞ্চল্য।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...