হঠাৎ ছ’চিয়েল মিডিয়াত খাকী পোছাকত এজন বিশেষ ব্যক্তি

হঠাৎ ছ’চিয়েল মিডিয়াত খাকী পোছাকত এজন বিশেষ ব্যক্তি। ব্যক্তিজন আন কোনো নহয়। দিছপুৰৰ বিধায়ক অতুল বৰা। কিন্তু কিয় হঠাৎ আৰক্ষী বিষয়াৰ ৰূপ ললে বিধায়কজনে। কিয় হাতত তুলি ল’লে পিষ্টল?

সাৱধান!
অপৰাধ নাশ কৰিবলৈ আহি আছে সিং ছাৰ
সোমবাৰৰ দিনটোত ছচিয়েল মিডিয়াত চৰ্চিত কেইখনমান বিশেষ ফটো। মানুহজনক চিনি পাইছেনে নাই। দিছপুৰৰ বিধায়ক অতুল বৰা আকৌ। হঠাত ছচিয়েল মিডিয়াত এইদৰে খাকী পোছাক পৰিধান কৰি ভূমুকি মাৰিলে দিছপুৰীয়া বিধায়ক অতুল বৰাই। কিন্তু হঠাত কিয় বিজেপি বিধায়কজনৰ এই কাহানিও নেদেখা ৰূপ।
কাহিনী কি!
মাৰ কপালত তেজ
শীঘ্ৰে ছবিগৃহলৈ আহিব নতুন এখন অসমীয়া ছবি। নাম মাৰ কপালত তেজ। সেই ছবিখনত এজন আৰক্ষী বিষয়াৰ ৰূপত দেখা যাব দিছপুৰৰ বিধায়ক অতুল বৰাক। সোমবাৰে ব্যাপক চৰ্চাৰ পাছত সংবাদমেলত ৰহস্য ভেদ কৰিলে বিধায়কগৰাকীয়ে। কলে বহু কথা। চিনেমাখনৰ পৰিচালক-প্ৰযোজক আহিছিল অতুল বৰাৰ কাষলৈ। কলে নতুন এখন চিনেমা। তাত আপুনি এছ পিৰ চৰিত্ৰটো ৰূপায়ণ কৰিব লাগিব।
চৰ্ত বান্ধি দিলে অতুল বৰাই
সমাজবিৰোধী কাম কৰা SP হ’লে মই অভিনয় নকৰোঁ
সমাজৰ হকে কাম কৰিব লাগিব

OKAY
OKAY বুলি কৈ দিলে অতুল বৰাই। কিন্তু এছ পি হ’লেও আকোঁৰগোজ বিধায়ক বৰা।
দাড়ী নকটোৱাই…
সেয়ে এই ৰূপত আৱিৰ্ভাৱ অতুল বৰাৰ। সংবাদমেলতেই ছবি-নাটকৰ প্ৰতি থকা প্ৰেমৰ কথা কলে অতুল বৰাই। কলে এসময়ত নাটকত কৰা অভিনয়ৰ কথা। ইয়াৰ পূৰ্বে দুই এখন চিনেমাতো অভিনয় কৰিছিল অতুল বৰাই। কিন্তু এইখন ছবিয়েহে যদি কিবা এটা কৰে। আশা অতুল বৰাৰ। নিজেও নিৰ্মাণ কৰিব এখন চিনেমা। ক’লে অতুল বৰাই।

অসমীয়া চিনেমাৰ সাফল্যৰ কথা কৈ আবেগিক অতুল বৰা। ৰত্নাকৰ, শ্ৰী ৰঘুপতি চাই অতুল বৰাৰ বুকু বিষাই গৈছিল। তেতিয়া পত্নীয়ে সুধিছিল।

ইমান বুকুৰ বিষ!
এতিয়া অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে দৰ্শকৰ। সেয়ে এই চৰিত্ৰটো ৰূপায়ণ কৰিছে বিধায়ক অতুল বৰাই। প্ৰযোজকে কৈছে, সকলো কাম সম্পূৰ্ণ হওঁতে এবছৰমান লাগিব। তেতিয়াই হেনো অতুল বৰাই কৈছিল। মই কিন্তু এক পইছাও দিব নোৱাৰোঁ দেই। ভাল মানুহ, বেয়া মানুহ, ভূ-মাফিয়া, বন দস্যু। সকলো থাকিব অতুল বৰাৰ সেইখন চিনেমাত।

অতুল বৰা সাজু
ৰাইজ সাজু হওক
আহি আছে সিং ছাৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...