চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান ভেটাপাৰা গড়চুক আৰক্ষীৰ; জব্দ ৭০টা মোবাইলসহ নগদ ধন

মহানগৰীৰ ভেটাপাৰাৰ ব্ৰহ্মপুত্ৰ হাউছিং ছচাইটিত গড়চুক আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে।

আৰক্ষীৰ অভিযানত প্ৰায় ৭০টা মোবাইল ফোন, বৃহৎ সংখ্যক আইডি, পেনড্ৰাইভ, ষ্টাম্প আৰু চেকবুক জব্দ কৰা হৈছে। ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জিল্লাত আলম আৰু তাহিদ ৰাজীৱ আলম নামৰ দুজন লোকক আটক কৰিছে। দুয়োজনেই চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, আটকাধীন দুয়োজন লোকে বিগত প্ৰায় ৮ বছৰ ধৰি ব্ৰহ্মপুত্ৰ হাউছিং ছচাইটিটোৰ উক্ত ফ্লেটটোত বাস কৰি আহিছিল। দুয়োজনৰে ঘৰ বিলাসীপাৰাত বুলি জানিব পৰা গৈছে।

জব্দ কৰা মোবাইল ফোন, নথি-পত্ৰ, পেনড্ৰাইভ, ষ্টাম্প, চেকবুক আৰু নগদ ধনৰ উৎস তথা দুয়োজনৰ চাইবাৰ অপৰাধৰ সৈতে সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...