গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিং; সোপাধৰাৰ সন্দেহত যুৱকক মাৰপিট

গোলাঘাটৰ দলৌজানত সংঘটিত হৈছে চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা। কৃষি বিভাগৰ জৰীপৰ কামত যোৱা আদিত্য দত্ত নামৰ এজন যুৱকক সোপাধৰা বুলি সন্দেহ কৰি একাংশ উত্তেজিত লোকে বান্ধি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, যোৱা ৪ অক্টোবৰ, দেওবাৰে দলৌজান ৱাৰ্ডত কৃষি বিভাগৰ জৰীপ চলাবলৈ গৈছিল আদিত্য দত্ত। অচিনাকী অঞ্চলটোত বিভিন্ন ঠাই চিনাক্ত কৰাৰ সুবিধাৰ বাবে তেওঁ তিনিগৰাকী শিশুৰ সহায় লৈছিল। সেই সময়তে একাংশ লোকে তেওঁক শিশু অপহৰণকাৰী বুলি সন্দেহ কৰি হুলস্থূলৰ সৃষ্টি কৰে।

অভিযোগ অনুসৰি, উত্তেজিত লোকসকলে আদিত্য দত্তক বান্ধি লৈ নিৰ্মমভাৱে মাৰপিট কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছত আত্মীয় আৰু গাঁওৰক্ষী বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰে।

আক্ৰমণত গুৰুতৰভাৱে আহত আদিত্য দত্তক পিছত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে, ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে ফৰকাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

আনহাতে, অভিযোগ অনুসৰি, আক্ৰমণকাৰীসকলে ঘটনাৰ প্ৰকৃত তথ্য গোপন কৰি সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...