গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিং; সোপাধৰাৰ সন্দেহত যুৱকক মাৰপিট

গোলাঘাটৰ দলৌজানত সংঘটিত হৈছে চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা। কৃষি বিভাগৰ জৰীপৰ কামত যোৱা আদিত্য দত্ত নামৰ এজন যুৱকক সোপাধৰা বুলি সন্দেহ কৰি একাংশ উত্তেজিত লোকে বান্ধি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, যোৱা ৪ অক্টোবৰ, দেওবাৰে দলৌজান ৱাৰ্ডত কৃষি বিভাগৰ জৰীপ চলাবলৈ গৈছিল আদিত্য দত্ত। অচিনাকী অঞ্চলটোত বিভিন্ন ঠাই চিনাক্ত কৰাৰ সুবিধাৰ বাবে তেওঁ তিনিগৰাকী শিশুৰ সহায় লৈছিল। সেই সময়তে একাংশ লোকে তেওঁক শিশু অপহৰণকাৰী বুলি সন্দেহ কৰি হুলস্থূলৰ সৃষ্টি কৰে।

অভিযোগ অনুসৰি, উত্তেজিত লোকসকলে আদিত্য দত্তক বান্ধি লৈ নিৰ্মমভাৱে মাৰপিট কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছত আত্মীয় আৰু গাঁওৰক্ষী বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰে।

আক্ৰমণত গুৰুতৰভাৱে আহত আদিত্য দত্তক পিছত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে, ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে ফৰকাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

আনহাতে, অভিযোগ অনুসৰি, আক্ৰমণকাৰীসকলে ঘটনাৰ প্ৰকৃত তথ্য গোপন কৰি সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...

দুধনৈৰ বেছিমাৰীত যুৱতীক এচিড আক্ৰমণ, মূল অভিযুক্তসহ দুজন গ্ৰেপ্তাৰ

দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই...