চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ‘বাদলা- The Revenge’ৰ ৰোমাঞ্চকৰ কাহিনী; জানুৱাৰীত ছবিগৃহলৈ আহিব ছাদ্ৰী ভাষাৰ নতুন চলচ্চিত্ৰ

অসমৰ চাহ বাগিচাৰ পটভূমিত নিৰ্মিত ছাদ্ৰী ভাষাৰ নতুন ছবি ‘বাদলা-The Revenge’ অহা বছৰৰ জানুৱাৰীত মুক্তি লাভ কৰিব। S H Productionৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা সুৰজিৎ গগৈৰ। কাহিনী আৰু চিত্ৰনাট্য ৰূপম চেতিয়াৰ, আনহাতে চিত্ৰগ্ৰহণ কৰিছে নৱনিত নীলাভে।

ছবিখনত অভিনয় কৰিছে চাফি হিৰ’, ভাৱনা ঠাকুৰীয়া, বিপ্লৱ শইকীয়া, গিগি, প্ৰভাত দত্ত, কাকলি সন্দিকৈ, ভিতালী বৈশ্য, হেলেনা আখতাৰ, বিবেক ডেকা আৰু বিউটি ৰাজবংশীয়ে।

প্ৰেম, ৰোমাঞ্চ, নৃত্য-গীত আৰু একচনেৰে ভৰপূৰ ‘বাদলা-The Revenge’ এখন পাৰিবাৰিক মনোৰঞ্জনধৰ্মী ছবি। চাহ বাগিচা অঞ্চলৰ বিভিন্ন সমস্যাৰ লগতে ছবিখনত মূলতঃ নায়ক বিক্ৰমৰ জীৱনত সংঘটিত ঘাত-প্ৰতিঘাত আৰু বিভিন্ন প্ৰত্যাহ্বানক কাহিনীৰ কেন্দ্ৰবিন্দু হিচাপে উপস্থাপন কৰা হৈছে।

ইফালে, ছবিখনৰ ‘ঢাম ঢাম মাদল বাজেলা’ শীৰ্ষক গীতটোৰ ভিডিঅ’ ৫ অক্টোবৰত দিছপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গীতটিত কণ্ঠদান কৰিছে ৰূপজ্যোতি পাপুৱে। সংগীত নিলুৎপল শব্দৰৰ আৰু নৃত্য পৰিচালনা ভাস্কৰ দত্তৰ।

গীতটোৰ ভিডিঅ’ ইতিমধ্যে S H Productionৰ YouTube চেনেলত উপলব্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...