মহাকাশৰ ৰহস্য উদঘাটনৰ স্বীকৃতি, ফ্ৰান্সিছ হালজেনলৈ নোবেল; উচ্চ-শক্তিৰ নিউট্ৰিন’ আৱিষ্কাৰৰ বাবে ২০২৬ৰ পদাৰ্থ বিজ্ঞানৰ বঁটা

বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ ২০২৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মঙলবাৰে ষ্টকহোমত ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সেছে এই ঘোষণা কৰে।

IceCube Neutrino Observatory-ত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান আৰু জ্যোতিৰ্বৈজ্ঞানিক উৎসৰ পৰা অহা উচ্চ-শক্তিৰ নিউট্ৰিন’ আৱিষ্কাৰত নিৰ্ণায়ক অৱদানৰ বাবে হালজেনক এই সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ গৱেষণাই মহাকাশৰ পৰা অহা অতি দুৰ্লভ কণিকা চিনাক্ত কৰাত আৰু বিশ্বব্ৰহ্মাণ্ডৰ শক্তিশালী মহাজাগতিক পৰিঘটনাসমূহ বুজাত নতুন দিশ মুকলি কৰিছে।

সোমবাৰে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণাৰে এই বছৰৰ নোবেল বঁটাৰ ঘোষণা আৰম্ভ হয়। মগজুৰ কাৰ্যপ্ৰণালী বুজিবলৈ পোহৰ ব্যৱহাৰ কৰা এক বিশেষ পদ্ধতি বিকাশৰ ক্ষেত্ৰত অৱদানৰ বাবে তিনিগৰাকী বিজ্ঞানীক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।

বুধবাৰে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা, বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হ’ব। শুকুৰবাৰে শান্তিৰ নোবেল বঁটা ঘোষণা কৰাৰ পিছত অহা সোমবাৰে অৰ্থনৈতিক বিজ্ঞানৰ নোবেল স্মাৰক বঁটা ঘোষণা কৰা হ’ব।

এই বছৰৰ নোবেল বঁটাৰ ধনৰাশি ১ কোটি ২০ লাখ ছুইডিছ ক্ৰোনা, অৰ্থাৎ প্ৰায় ১২ লাখ মাৰ্কিন ডলাৰ। ব্যক্তিগত বিজয়ী, সৰু গোট বা কোনো সংগঠন—বঁটাৰ প্ৰকৃতি অনুসৰি এই ধনৰাশি প্ৰদান কৰা হয়।

উল্লেখ্য, যোৱা বছৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা তিনিগৰাকী বিজ্ঞানীক প্ৰদান কৰা হৈছিল। কোৱাণ্টাম টানেলিং নামেৰে পৰিচিত উপ-পাৰমাণৱিক কণিকাৰ অদ্ভুত আচৰণৰ ওপৰত তেওঁলোকৰ গৱেষণাই MRI-ৰ অতি সংবেদনশীল জোখ-মাখৰ লগতে উন্নত মোবাইল যোগাযোগ আৰু দ্ৰুত কম্পিউটাৰৰ বিকাশৰ ভেটি শক্তিশালী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...

দুধনৈৰ বেছিমাৰীত যুৱতীক এচিড আক্ৰমণ, মূল অভিযুক্তসহ দুজন গ্ৰেপ্তাৰ

দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই...