দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই থকা অৱস্থাত এগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মূল অভিযুক্ত মুষ্টেপ ৰাভাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সহযোগী বুলি অভিযোগ উঠা বিক্ৰম ৰাভাকো গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, হাদ্লাপাৰাৰ পৰা মুষ্টেপ ৰাভাক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, ঘটনাত সহযোগ কৰাৰ অভিযোগত বিক্ৰম ৰাভাকো আৰক্ষীয়ে আটক কৰে।
অভিযোগ অনুসৰি, নিশা যুৱতীগৰাকী শুই থকা অৱস্থাত তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰা হয়। ইয়াৰ পিছতে যুৱতীগৰাকীৰ ঘৰত পেট্ৰ’ল ঢালি অগ্নিসংযোগৰো চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।
প্ৰাথমিক তদন্তত প্ৰেমজনিত কাৰণত এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ তথা ঘটনাত আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত চলাই আছে।
